NORTHEAST NOW (Assamese)
অসম

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 23, 2026 11:57 am
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত এতিয়া বানৰ ভয়াৱহ ধ্বংসলীলা। প্ৰকৃতিৰ কালৰূপত সৰ্বস্বান্ত হৈছে হেজাৰ হেজাৰ পৰিয়াল। বানাক্ৰান্ত ৰাইজৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিছে। মূৰৰ ওপৰৰ ছালখন হেৰুৱাই, পশুধনৰ লগতে বহু লোকৰ সলিল সমাধি ঘটি এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে বানপীড়িতই। কিন্তু ৰাজ্যৰ এনে এক ভয়ংকৰ দুৰ্যোগৰ সময়ত যিখন চৰকাৰে জনতাৰ কাষত থিয় দি উদ্ধাৰ অভিযানত জঁপিয়াই পৰিব লাগিছিল, সেইখন চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলৰ কাৰ্যকলাপ দেখি এতিয়া চকু কপালত উঠিছে ৰাজ্যবাসীৰ।

বানপানীৰ বিভীষিকাই জনতাৰ জীৱনলৈ অন্ধকাৰ নমাই অনাৰ সময়তে ৰাজ্য চৰকাৰৰ চূড়ান্ত অসংবেদনশীল, মানৱতাহীন মন্ত্ৰী আৰু বিধায়কসকলে গুৱাহাটীৰ বাজপেয়ী ভৱনত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক শ্ল’গান দিয়াত। মন্ত্ৰী পীযুষ হাজৰিকা, বিশ্বজিৎ দৈমাৰী, অশোক সিংঘলহঁতৰ দৰে বিবেকহীন মন্ত্ৰীৰ নেতৃত্ব বিজেপি বিধায়ক, নেতা-কৰ্মীসকলে টেটুফালি ৰাহুল গান্ধী মুৰ্দাবাদ, প্ৰিয়ংকা গান্ধী মুৰ্দাবাদ, কংগ্ৰেছ মুৰ্দাবাদ শ্ল’গান দি ফুৰিছে। প্ৰলয়ংকৰী বানত বানাক্ৰান্তই জীৱন মৰণেৰে যুঁজ সময়ত এই বিজেপিৰ মন্ত্ৰী বিধায়কসকলৰ দায়িত্ব কি আছিল? ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে টেটুফালি প্ৰতিবাদ সাব্যস্ত কৰাতকৈ এই মুহূৰ্তত বানাক্ৰান্তক উদ্ধাৰ কৰাটো তেওঁলোকৰ প্ৰধান কৰ্তব্য নাছিল নে। কিন্তু দুৰ্ভাগ্যৰ কথা যে বানাক্ৰান্তৰ দুখ-কষ্টলৈ পিঠি দি এই নিষ্কৰ্মা, বিবেকহীন, অসংবেদনশীল বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে প্ৰমাণ কৰি দিলে যে তেওঁলোকৰ বাবে মানৱতাতকৈ ৰাজনৈতিক স্বাৰ্থই বেছি গুৰুত্বপূৰ্ণ।

চৰকাৰৰ এই চূড়ান্ত ব্যৰ্থতাৰ মাজতে আটাইতকৈ বেছি সমালোচনাৰ পাত্ৰ হৈছে মন্ত্ৰী পীযুষ হাজৰিকা, অশোক সিংঘল আৰু বিশ্বজিৎ দৈমাৰীৰ দৰে নেতাসকল। বিশেষকৈ মাত্ৰ কেইটামান মাহৰ পূৰ্বলৈকে ৰাজ্যৰ জলসম্পদ আৰু বান নিয়ন্ত্ৰণ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰিকাৰ বৰ্তমানৰ কাৰ্যকালাপে তেওঁৰ চূড়ান্ত দায়িত্বহীনতাকে উদঙাই দিছে। যিজন ব্যক্তিয়ে বান নিয়ন্ত্ৰণৰ বাবে অহৰ্নিশে কাম কৰা বুলি ঢাক-ঢোল বজাইছিল, তেওঁৰ কাৰ্যকালৰ ব্যৰ্থতাৰ ফচল এতিয়া উজনিৰ ৰাইজে নিজৰ জীৱন আৰু সম্পত্তি হেৰুওৱাই ভোগ কৰিবলগীয়া হৈছে। বানাক্ৰান্তক উদ্ধাৰ কৰিবলৈ নাও লৈ যাবলগীয়া সময়ত তেওঁ এতিয়া গুৱাহাটীত ৰাজনৈতিক প্ৰতিবাদত ব্যস্ত থকাটোৱে তেওঁৰ মানৱতাহীন আৰু কাণ্ডজ্ঞানহীন চৰিত্ৰটোকহে উন্মোচিত কৰিছে। বান নিয়ন্ত্ৰণৰ নামত কোটি কোটি টকাৰ শ্ৰাদ্ধ কৰাৰ পিছতো উজনিৰ এই পুতৌজনক অৱস্থাৰ বাবে তেওঁৰ কিঞ্চিৎমানো নৈতিক দায়িত্ববোধ নাই নেকি বুলিও এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।

বিপদৰ সময়ত জনতাক অনাথ কৰি এনেদৰে বাজপেয়ী ভৱনত ৰাজনৈতিক নাটক কৰা কাৰ্যই বিজেপিৰ মন্ত্ৰী, বিধায়ক আৰু নেতা-কৰ্মীসকলৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। বানপীড়িত ৰাইজে যি সময়ত চৰকাৰৰ পৰা একমাত্ৰ সাহায্য আৰু উদ্ধাৰৰ আশা কৰিছে, সেই সময়ত শাসকীয় দলটোৰ এই অসংবেদনশীল আচৰণে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ক্ষমতাৰ ৰাগীত অন্ধ হৈ জনতাৰ চকুলো নেদেখা এইসকল নেতাক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰিব।