NORTHEAST NOW (Assamese)

মাৰ্কিন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক হত্যাৰ ভাবুকি, গ্ৰেপ্তাৰ হ’ল নাৰ্ছ

April 18, 2021 6:56 am · এন ই নাও নিউজ
Updated: April 18, 2021 7:32 am

মাৰ্কিন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ হ’ল এগৰাকী নাৰ্ছ।

৩৯ বছৰীয়া নিভিয়েন পেটিট ফেলপ নামৰ নাৰ্ছগৰাকীয়ে কিছুদিনি পূৰ্বে মাৰ্কিন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল।

মাৰ্কিন ছিক্ৰেট চাৰ্ভিছে তদন্ত চলাই শেহতীয়াকৈ নাৰ্ছ গৰাকীক গ্ৰেপ্তাৰ কৰিছে।

অভিযোগ অনুসৰি নাৰ্ছগৰাকীয়ে ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰ ভিতৰত মাৰ্কিন উপ-ৰাষ্ট্ৰপতি হেৰিছক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল।

জেকছন হেলথ ছিষ্টেমত ২০০১ চনৰ পৰাই কৰ্মৰত নাৰ্ছগৰাকীয়ে কিয় হেৰিছক হত্যাৰ ভাবুকি দিছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও এনে ভাবুকি প্ৰদানৰ আঁৰত বৰ্ণ বৈষম্যৰ বিষয় জৰিত হৈ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য ভাৰতীয় মূলৰ কমলা হেৰিছ হৈছে আমেৰিকাৰ প্ৰথমগৰাকী মহিলা কৃষ্ণাংগ মাৰ্কিন উপ-ৰাষ্ট্ৰপতি।

কমলা হেৰিছক ভাবুকি প্ৰদান কৰা নাৰ্ছ গৰাকীৰ স্বামী বৰ্তমান কাৰাৰুদ্ধ হৈ আছে আৰু নাৰ্ছ গৰাকীয়ে স্বামীলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত হেৰিছক হত্যা কৰিব বুলি কৈছিল।

স্বামীলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত নাৰ্ছগৰাকীয়ে কৈছিল’কমলা হেৰিছ আপুনি মৰিবলৈ গৈ আছে’।

উক্ত ভিডিঅ’ৰ ভিত্তিতে মাৰ্কিন ছিক্ৰেট চাৰ্ভিছে নাৰ্ছগৰাকীক জেৰা কৰিব বিচাৰিছিল যদিও নাৰ্ছ গৰাকীয়ে তেনে জেৰাৰ পৰা নিজকে আঁতৰাই ৰাখিছিল।

Related News