NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ফুল বিক্ৰেতাসকল; ৰাজ্য চৰকাৰক সহায়ৰ আহ্বান

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা May 10, 2020 12:14 pm

দেশৰ লগতে ৰাজ্যখনতো চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউন ৷ এই লকডাউনৰ সময় আহিছে কিছু শিথিলতা।দোকান পোহাৰ খুলিছে, কিন্তু বন্ধ হৈ আছে মঠ মন্দিৰ,বন্ধ হৈ আছে বিয়া-সবাহ ৷

ইয়াৰ ফলত ফুলৰ ব্যৱসায়ীৰ বিক্ৰী স্তব্ধ হৈ পৰিছে। বিক্ৰী নোহোৱা বাবে পচি গৈছে বহু ৰং বিৰঙী ফুল ৷

বিগত ডেৰমাহ ধৰি লকডাউনৰ ফলত তীৰ্থ নগৰী হাজোৰ প্ৰায় ১০ বিঘা মাটিৰ ফুল বিক্ৰীৰ অভাৱত পচি যায় বুলি নৰ্থ ইষ্ট নাওৰ আগত কয় ফুল বিক্ৰেতা অলকেশ দাসে।

আনহাতে, মৃতকৰ শ্ৰাদ্ধ বা ঘৰুৱা পূজাৰ বাবে ফুলৰ বিক্ৰী হৈছে যদিও সেয়া এপাচি শাকত এটি জালুকৰ লেখিয়া বুলি কয় দাসে ৷

ইপিনে, বিক্ৰী নহ’লেও যেন বিক্ৰী হ’ব তাৰ আশাত ৰৈছে পুষ্প ব্যৱসায়ী সকল।

পুষ্প ব্যৱসায়ী মৃদুল কলিতাই কয় যে ফুলৰ ব্যসায়ৰে তেওঁলোকৰ পৰিয়াল চলি আছে ৷ ল’ৰা-ছোৱালী পঢ়ি আছে।

তেওঁ জানিবলৈ দিয়ে যে পেটৰ তাড়নাত দোকান খুলিছে যদিও বিক্ৰী নাই। বিক্ৰী নোহোৱাৰ বাবে টকা-পইচা হাতত নাই।

‘’কিন্ত গ্ৰাহকৰ বাবে অপেক্ষা কৰি আছো কিজানিবা বিক্ৰী হয়েই,’’-আশাত বন্দী পুষ্প ব্যৱসায়ী কলিতাই কয়।

এই দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰে দুৰ্গত প্ৰায় সকলোকে সহায় কৰিছে ৷ গতিকে ৰাজ্য চৰকাৰক পুষ্প ব্যৱসায়ী সকলকো সহায়ৰ বাবে তেওঁলোকে আহ্বান জনাইছে।