NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ ত্ৰিশ লক্ষাধিক টকা

Posted by: পাৰ্শ্বজ্যোতি গগৈ April 4, 2019 8:47 pm
Flying squad

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন স্থানত ফ্লায়িং স্কোৱাডে অভিযান চলাই জব্দ কৰে বহু পৰিমানৰ ধন। নিৰ্বাচন স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে প্ৰয়োজনীয় সকলো ধৰণৰ কাৰ্য্যৱ্যাবস্থা হাতত লৈছে।

শিৱসাগৰত আজি ফ্লায়িং স্কোৱাডৰ দলে জব্দ কৰে ত্ৰিশ লক্ষাধিক টকা। নগৰৰ সমীপৰ চেৰেকাপাৰ তালাচী চকীত ফ্লায়িং স্কোৱাডৰ ১ নং দলে এখন বলেৰ’ গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ টকাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

অৰুণ পাঠক আৰু টংকেশ্বৰ বৰগোঁহাই নামৰ দুজন লোকে গাড়ীখনত লৈ আহিছিল টকা খিনি। আৰক্ষীৰ তদন্তত দুয়ো টকাখিনি শিৱসাগৰ সদৰ ষ্টেট বেংকৰ পৰা লাকুৱা চাহ বাগানলৈ লৈ গৈ আছিল বুলি উল্লেখ কৰে।

জব্দ কৰা টকাখিনি শিৱসাগৰ সদৰ আৰক্ষী থানালৈ লৈ গৈ পাছত আয়কৰ বিভাগৰ হাতত চমজাই দিয়া হয়। বুধবাৰে ডিমৌৰ পৰাও ফ্লায়িং স্কোৱাডৰ দলে  এক লাখৰ অধিক টকা জব্দ কৰিছিল।