NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত চিলনী চোৰে গাড়ীৰ ভিতৰৰ পৰা থপিয়াই নিলে ৩.৮৩ লাখ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2019 8:41 pm
robbery

শিৱসাগৰ জিলাৰ মাজমজিয়াৰ পৰাই আজি এজন ব্যক্তিৰ পৰা চিলনী চোৰে লুটি নিলে ৩ লাখ ৮৩ হাজাৰ টকা। জিন্তু চুতীয়া নামৰ এজন ক্ষুদ্ৰ চাহ খেতিয়াকৰ পৰা এই টকাখিনি লুট কৰি নিয়ে।

ঘটনাৰ বিৱৰণি মতে জিন্তু চুতীয়াই আন তিনিজন চাহ খেতিয়কৰ সৈতে দিনৰ প্ৰায় ১২ বজাত টকাখিনি লৈ নিজৰ ৱেগনাৰ গাড়ীয়ে মৰাণ  অভিমুখে যাত্ৰা কৰে।

তেনেতে শিৱসাগৰৰ ষ্টেশ্যন চাৰিআলি পাওঁতেই পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্বৃত্তই গাড়ীখনৰ গতি ধীৰ হোৱাৰ সুবিধা লৈ টকা ভৰ্তি বেগ লৈ উধাও হয়।

জিন্তু চুতীয়াই জনোৱা অনুসৰি তেওঁ বেংকৰ পৰা মুঠ ৪.২৩ লাখ টকা বেংকৰ পৰা উলিয়াইছিল আৰু ইয়াৰে ৪০ এজন লোকক দি বাকী টকাখিনি লগতৈ লৈ মৰাণ অভিমুখে যাত্ৰা কৰিছিল।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে বেংকৰ চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।