NORTHEAST NOW (Assamese)
অসম

অসমত স্থাপনৰ কৰা হ’ব ১২.৭ লাখ মেট্ৰিক টনৰ ইউৰিয়া উদ্যোগ : বাজেটত ঘোষণা নিৰ্মলা সীতাৰমণৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2025 2:51 pm

আজি বাজেট ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অসমত ইউৰিয়া যোগান বৃদ্ধিৰ লক্ষ্যৰে অসমৰ নামৰূপত নতুন ইউৰিয়া উদ্যোগ স্থাপনৰ কথা ঘোষণা কৰে।

এই উদ্যোগটোৰ বাৰ্ষিক ক্ষমতা ১২.৭ লাখ মেট্ৰিক টন হব। ই কৃষি উৎপাদনশীলতা আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব।

নামৰূপত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড (বিভিএফচিএল) সম্প্ৰসাৰণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ মাজত চলি থকা আলোচনাৰ পিছতে সীতাৰমণে বাজেটত এই ঘোষণা কৰিছে।

৫০০ কোটি টকাৰ বিনিয়োগৰ অংশ হিচাপে এই পদক্ষেপত দুটা নতুন নেন ইউৰিয়া প্লাণ্ট অন্তৰ্ভুক্ত কৰা হব, যিয়ে বৰ্তমানৰ সুবিধাসমূহ আধুনিকীকৰণৰ লগতে উৎপাদন বৃদ্ধি কৰিব।ঔদ্যোগিক উন্নয়নৰ উপৰিও এই প্ৰকল্পই সামাজিক আন্তঃগাঁথনিৰ উন্নতি সাধন কৰিব, য’ত শিশুৰ বাবে কমিউনিটি হল আৰু ক্ৰীড়াৰ সুবিধা নিৰ্মাণ কৰি নামৰূপ অঞ্চলৰ জীৱনৰ মান বৃদ্ধি কৰিব।