NORTHEAST NOW (Assamese)
Popular Stories

চাণক্য নীতি : মানি চলক চাণক্যৰ এইকেইটা কথা, থমকিব নালাগে জীৱনত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 20, 2023 7:00 am

কৌটিল্য বা বিষ্ণুগুপ্ত নামেৰেও পৰিচিত চাণক্য আছিল এজন প্ৰাচীন ভাৰতীয় শিক্ষক, দাৰ্শনিক, অৰ্থনীতিবিদ, ৰাজ উপদেষ্টা। আচাৰ্য চাণক্য আজিও তেওঁৰ নীতিসমূহৰ বাবেই বিখ্যাত। এই নীতিসমূহ গ্ৰহণ কৰিলে দৈনন্দিন জীৱনৰ বহু ধৰণৰ সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰি। চাণক্যৰ নীতিসমূহ সফলতাৰ বাবে ঔষধস্বৰূপ।

তলত চাণক্যৰ কেইটামান গুৰুত্বপূৰ্ণ উক্তি দাঙি ধৰা হ’ল –

/ এজন ব্যক্তি বেছি সৎ হব নালাগে। সদায় পোন গছবোৰ প্ৰথমে কটা যায়া আৰু ভাল সৎ মানুহবোৰ সোনকালে অন্যায়ৰ বলি হয় ।

/ কিছুমান কাম আৰম্ভ কৰাৰ আগতে সদায় নিজকে তিনিটা প্ৰশ্ন সুধিব মই কিয় কৰিছো, ফলাফল কি হব পাৰে, আৰু মই সফল হমনে। যেতিয়া আপুনি গভীৰভাৱে চিন্তা কৰিব আৰু এই প্ৰশ্নবোৰৰ সন্তোষজনক উত্তৰ পাব, তেতিয়াহে কামত আগবাঢ়িব।

/ এজন ব্যক্তি নিজৰ মনৰ জোৰত উঠিব পাৰে; একেটা মনৰ বাবে ডুবো যাব পাৰে।

/ সাপ দৰে বিষাক্ত নহলেও বিষাক্ত হোৱাৰ অভিনয় কৰিব লাগে।

/ ফুলৰ সুগন্ধি কেৱল বতাহৰ দিশত বিয়পি পৰে। কিন্তু মানুহৰ ভাল কৰ্ম সকলোতে বিয়পি পৰে।

/ ভয় লাগিলে তাক আক্ৰমণ কৰি ধ্বংস কৰিব লাগে।

/ জ্ঞানী মানুহে নিজৰ ধনসম্পত্তিৰ ক্ষতি, মনৰ বিৰক্তি, নিজৰ পত্নীৰ অসৎ আচৰণ, আনে কোৱা নীচ কথা আৰু তেওঁৰ ওপৰত হোৱা অপমান প্ৰকাশ কৰিব নালাগে।

) পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তি হল এগৰাকী নাৰীৰ যৌৱন আৰু সৌন্দৰ্য্য।

/ সিংহৰ পৰা শিকিব পৰা এটা উৎকৃষ্ট কথা হল যে মানুহে যি কৰিবলৈ মন কৰে, সেয়া তেওঁ সম্পূৰ্ণ হৃদয় আৰু কঠোৰ পৰিশ্ৰমেৰে কৰিব লাগে।