NORTHEAST NOW (Assamese)
Uncategorized

ফুড ব্লগিঙৰ মৰ্মান্তিক পৰিণতি : ১০ ঘন্টা অবিৰতভাবে খাদ্য খাই মৃত্যু হ’ল ফুড ব্লগাৰ যুৱতী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 24, 2024 10:44 am

শিক্ষা আৰু প্ৰতিভা অনুসৰি সকলোৱে নিজৰ জীৱিকা বাছি লয়। আজিকালি বহু যুৱক-যুৱতীয়া ব্লগিঙক জীৱিকা হিচাপে বাচি লৈছে। সামাজিক মাধ্যমত ব্লগিঙৰ দ্বাৰা ধন উপাৰ্জন এক উত্তম উপায় হৈ পৰিছে। ব্লগিঙৰ বাবে কোনোবাই ভ্ৰমণ কৰিছে আৰু কোনোবাই খাদ্য খাই টকা উপাৰ্জন কৰিছে।

এইদৰেই ব্লগিং কৰি থকা অৱস্থাত এগৰাকী ২৪ বছৰীয়া যুৱতীৰ মৃত্যু হয়। পান জিয়াওটিং নামৰ এগৰাকী ফুড ব্লভাৰে খাদ্য খাই থকাৰ অৱস্থাত মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত লাখ লাখ দৰ্শকে তেওঁৰ ভিডিঅ’ চাই আছিল।

চিকিৎসকে জনোৱা মতে, অতিমাত্ৰা খাদ্য খোৱাৰ বাবেই যুৱতীগৰাকীৰ মৃত্যু হয়।

উল্লেখ্য যে সামাজিক মাধ্যমত ক্ৰমান্বয়ে জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ পিছত পানে ডাঙৰ ডাঙৰ খাদ্য প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ ধৰিলে। যাৰ বাবে কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ ওজন আছিল ৩০০ কিলোগ্ৰাম। পূৰ্বে আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল।