NORTHEAST NOW (Assamese)
অসম

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

Posted by: এন ই নাও নিউজ ,গুৱাহাটী Updated by: এন ই নাও নিউজ ,গুৱাহাটী May 16, 2022 10:25 pm

আকস্মিক বান আৰু বিধ্বংসী ভূমিস্খলনৰ ফলত বিধ্বস্ত হোৱা ডিমা হাচাও জিলাত খাদ্য শেষ হ’বলৈ গৈ আছে। ভাৰতীয় খাদ্য নিগমৰ (এফচিআই) বিষয়াসকলৰ অৱহেলাৰ বাবেই এতিয়া জিলা খনত খাদ্যৰ বৃহৎ সংকটে দেখা দিয়াৰ আশংকাই গা কৰি উঠিছে।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ডিমা হাচাও জিলাৰ মুখ্য কাৰ্যালয় হাফলঙত এফচিআইয়ে যোগান ধৰা পিডিএছ চাউলৰ মাত্ৰ দুদিনৰ ষ্টকহে আছে। সূত্ৰটোৱে লগতে কয় যে জিলা খনত পিডিএছ চাউল যিকোনো সময়তে শেষ হ’ব পাৰে। কিয়নো হাফলঙত এফচিআইৰ হাতত মাত্ৰ দুদিনৰ চাউলহে বাবে মজুত আছে। এফচিআইৰ এজন বিষয়ায়ো এই কথা নিশ্চিত কৰিছে।

ইপিনে জিলাখনত পিডিএছ চাউলৰ অভাৱ ঘটিবলগীয়া পৰস্থিতিৰ বাবে একাংশ স্থানীয় লোকে এফচিআইকে দোষাৰোপ কৰিছে। তেওঁলোকে এই বুলি অভিযোগ কৰিছে যে এফচিআইৰ কোনো জ্যেষ্ঠ বিষয়াই পৰিস্থিতিৰ বুজ ল’বলৈ হাফলং ভ্ৰমণ কৰা নাই।

এজন স্থানীয় লোক কয়—’চাউলৰ অভাৱৰ বাবে এফচিআইৰ বিষয়াসকল দায়বদ্ধ। তেওঁলোকে আগতীয়াকৈ চাউল কিয় যোগান ধৰা নাছিল?’

কেৱল হাফলঙেই নহয়, বৰাক উপত্যকাৰ বাবে এফচিআইয়ে যোগান ধৰা পিডিএছ চাউলৰ মজুত কেৱল ১৫ দিনৰ বাবেহে আছে।