NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যিক চিৰিয়াখানাত প্ৰথমবাৰলৈ গিবন দম্পতীয়ে জন্ম দিলে এটি সন্তান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 15, 2019 8:25 pm
ৰাজ্যিক চিৰিয়াখানাত প্ৰথমবাৰলৈ গিবন দম্পতীয়ে জন্ম দিলে এটি সন্তান

আপুনি যদি চিৰিয়াখানালৈ যায় তেন্তে যোৱা পথছোৱাৰ বাওঁফালে অৰ্থ্যাৎ শিশু উদ্যানৰ সমীপতে দেখিবলৈ পাব এহাল হলৌ বান্দৰ। মতা বান্দৰটোৰ নাম জেকলিন আৰু মাইকীজনীৰ নাম সৰুমাই। সৰুমাইৰ কোলাত এতিয়া এটা কেঁচুৱা। বৰ্তমানলৈকে চিৰিয়াখানা কতৃপক্ষই নামকৰণ কৰিব পৰা নাই জেকলিন আৰু সৰুমাইৰ সন্তানটিৰ।

কিয়নো ৬-৭ মাহলৈকে পোৱালীটো মতা নে মাইকী হ’ব সেই কথা জানিব পৰা নাযাব। ক’লা ৰংৰ হ’লে মতা আৰু সোণালী ৰঙৰ হ’লে মাইকী হ’ব বুলি জানিবলৈ দিয়ে চিৰিয়াখানা কতৃপক্ষই।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ২ আগষ্টত জন্ম লাভ কৰিছিল গিবনৰ পোৱালিটোৱে। ইতিমধ্যে দুমাহ সম্পূৰ্ণ হৈছে পোৱালিটোৰ। পোৱালীটোৰ পিতৃ আৰু মাতৃ দুয়োকে বেলেগ বেলেগ ঠাইৰ পৰা অনা হৈছিল। মাতৃ সৰুমাইক কাৰ্বিআংলৰ পৰা ২০১২ চনত অসম ৰাজ্যিক চিৰিয়াখানালৈ আনিছিল বুলি জানিবলৈ দিয়ে চিৰিয়াখানা কতৃপক্ষই। ২০১৮ চনৰ জুলাই মাহত অনা হৈছিল হাফলংৰ পৰা অনা হৈছিল পিতৃ জেকলিনক।

পিতৃ-মাতৃ আৰু চিৰিয়াখানা কতৃপক্ষৰ তত্বাবধানত দিনে দিনে ডাঙৰ হ’বলৈ ধৰিছে গিবনৰ সন্তানটো। পিতৃ মাতৃৰ দৰে গছ বগাবলৈ বা খেলিবলৈ ৬ ৰ পৰা ৭ মাহ পৰ্য্যন্ত লাগিব পোৱালিটোক।

হলৌ বান্দৰ ২৫ বছৰ জীয়াই থাকে। ইয়াৰ খাদ্য তালিকাৰ ভিতৰত আছে বিভিন্ন ফল-মূল যেনে কল, মধুৰিয়াম, জামু, আম আৰু গছৰ পাত ইত্যাদি।