NORTHEAST NOW (Assamese)
Popular Stories

বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 29, 2022 6:39 pm
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ

এয়াৰলাইন ‘ইজি জেট’ আৰু গাড়ী নিৰ্মাতা সংস্থা ৰোলছ ৰয়েছে বিমানৰ ইঞ্জিনত প্ৰথমবাৰৰ বাবে ইন্ধন হিচাপে হাইড্ৰ’জেনৰ ব্যৱহাৰ সফলতাৰে পৰীক্ষা কৰা বুলি দাবী কৰিছে।

তেওঁলোকে দাবী কৰে যে বিশ্বত প্ৰথমবাৰৰ বাবে বিমানৰ ইঞ্জিনত হাইড্ৰ’জেনক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছে।

লগতে পঢ়ক: চীনৰ সৈতে ব্ৰিটেইনৰ সম্পৰ্কৰ তথাকথিত ‘সোণালী যুগ’ৰ অৱসান ঘটিছে: ঋষি চুনাক

কোম্পানী দুটাই বিমানৰ ইন্ধন পৰিৱেশ-অনুকূল কৰি তুলিবলৈ এই পদক্ষেপ লৈছে। এক যৌথ বিবৃতিত কোম্পানীয়ে দুটাই কয়, “আধুনিক বিমানৰ ইঞ্জিনত হাইড্ৰ’জেন ইন্ধনৰ ব্যৱহাৰেৰে বিমান উদ্যোগত এক নতুন চমক সৃষ্টি কৰিছে।‘’ 

ৰোলছ ৰয়েছে আশা কৰিছে যে ১৫ টা জেট ইঞ্জিনত এই ইন্ধন ব্যৱহাৰ কৰি পৰীক্ষা কৰা হ’ব।

ব্ৰিটেইনৰ বাণিজ্য আৰু শক্তি মন্ত্ৰী গ্ৰাণ্ট শ্বাপ্ছে এই ঘটনাক এক “যুগান্তকাৰী সিদ্ধান্ত” বুলি অভিহিত কৰিছে। তেওঁ কয়, “এয়া এক প্ৰকৃততে ব্ৰিটিছ সফলতাৰ কাহিনী।‘’

লগতে পঢ়ক: কৰোনাৰ নতুন আতংক! এছিয়া মহাদেশত সংক্ৰমণৰ শীৰ্ষত জাপান

মন্ত্ৰীগৰাকীয়ে লগতে আশা ব্যক্ত কৰে যে ই কাৰ্বন নিৰ্গমন যথেষ্ট হ্ৰাস কৰিব। স্বাভাৱিকতে এইটোৱে পৰিৱেশৰ প্ৰতি ইতিবাচক অৰিহনা যোগাব।