NORTHEAST NOW (Assamese)
অসম

প্ৰথমবাৰৰ বাবে তালিবানে প্ৰকাশ কৰিলে গৃহমন্ত্ৰী ছিৰাজুদ্দিন হাক্কানিৰ ফটো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 6, 2022 7:29 am
WhatsApp Image 2022-03-06 at 6.48.58 AM

কেইবাটাও সন্ত্ৰাসবাদী সংগঠনক লৈ গঠিত আফগানিস্তানৰ তালিবান চৰকাৰৰ মাজত হাক্কানি গোষ্ঠী আটাইতকৈ শক্তিশালী হিচাপে পৰিচিত।

অতি সংৰক্ষণশীল মৌলবাদী সন্ত্ৰাসবাদী গোষ্ঠী হাক্কানিসকলৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ অভিযোগ থকাৰ লগতে সন্ত্ৰাসবাদী সংগঠন অল-কায়দাৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰো অভিযোগ আছে। ইয়াৰ মুৰব্বী হৈছে ছিৰাজুদ্দিন হাক্কানি।

আফগানিস্তানৰ তালিবান চৰকাৰৰ গৃহমন্ত্ৰী ছিৰাজুদ্দিন হাক্কানিৰ ঘৰ পাকিস্তানৰ উত্তৰ ৱাজিৰিস্তানত।

২০০৭চনতে ৰাষ্ট্ৰসংঘই এই সন্ত্ৰাসবাদী নেতাজনক আন্তৰ্জাতিক অপৰাধী হিচাপে ঘোষণা কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ছিৰাজুদ্দিন হাক্কানিৰ মূৰৰ দাম ১কোটি মাৰ্কিন ডলাৰ ঘোষণা কৰিছিল।

এনে বিভিন্ন কাৰণতে ইমানদিনে ছিৰাজুদ্দিন হাক্কানিক তালিবানে সংবাদ মাধ্যমৰ সন্মুখলৈ অনা নাছিল। কিন্তু এইবাৰ তালিবান শাসক গোষ্ঠীয়ে তেওঁৰ ফটো প্ৰকাশ কৰিলে।

তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লা মুজাহিদে টুইটাৰত এই  ফটো প্ৰকাশ কৰিছে। শনিবাৰে প্ৰকাশ কৰা টুইটোত লিখা হৈছে,’’ইছলামী আমিৰশ্বাহীৰ মন্ত্ৰী খলিফা চাহেব ছিৰাজুদ্দিন হাক্কানি হাফিজুল্লাহে ৰাষ্ট্ৰীয় আৰক্ষীৰ স্নাতক ডিগ্ৰী প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰিলে।‘’

আমেৰিকা যুক্তৰাষ্ট্ৰই ছিৰাজুদ্দিন হাক্কানিক ম’ষ্ট ৱান্টেড ঘোষণা কৰা ডেৰ দশক হ’ল যদিও হাক্কানিৰ যিখন প্ৰ’ফাইল ফটো তেওঁলোকে দিছে তাত মুখখনৰ আধাখিনি চাদৰেৰে ঢকা।

Sirajuddin-Haqqani-2

ইপিনে, আফগানিস্তানত ভাৰতীয় দূতাবাসকে ধৰি একাধিক ভাৰতীয় সম্পত্তিৰ ওপৰত আক্ৰমণৰ মূল অভিযুক্ত হিচাপে নতুন দিল্লীয়ে ছিৰাজুদ্দিন হাক্কানিক চিহ্নিত কৰিছে। কিন্তু ভাৰতৰ হাততো ইমানদিনে ছিৰাজুদ্দিন হাক্কানিৰ মুখৰ স্পষ্ট ফটো নাছিল।

২০২১ চনৰ ছেপ্টেম্বৰত ছিৰাজুদ্দিন হাক্কানিয়ে আফগানিস্তানৰ তালিবান চৰকাৰত যোগদান কৰে যদিও এতিয়ালৈকে তালিবানে তেওঁৰ কোনো ফটো প্ৰকাশ কৰা নাছিল।

নিৰাপত্তা বিশেষজ্ঞসকলে তালিবানে এইবাৰ ইচ্ছাকৃতভাৱে ছিৰাজুদ্দিন হাক্কানিৰ ফটো প্ৰকাশ বুলি ধাৰণা কৰিছে। কিয়নো ক্ষমতালৈ অহা কেইবামাহো পাৰ হৈ যোৱাৰ পিছত আন্তৰ্জাতিক পৰ্যায়ত স্বীকৃতি লাভৰ প্ৰচেষ্টাৰ এক অংশ হিচাপেই ছিৰাজুদ্দিন হাক্কানিৰ ফটো ৰাজহুৱা কৰিলে!