NORTHEAST NOW (Assamese)
Popular Stories

বলপূৰ্বকভাৱে ঘৰত সোমাই শাহু-বোৱাৰীক দলবদ্ধভাৱে ধৰ্ষণ! পলাতক পাঁচ অচিনাক্ত দুৰ্বৃত্ত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 13, 2024 12:40 pm

পঞ্চাশ বছৰীয়া শাহুৱেক আৰু আঠাইশ বছৰীয়া বোৱাৰীক বলপূৰ্বকভাৱে ঘৰত প্ৰৱেশ কৰি দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে পাঁচজন অচিনাক্ত ব্যক্তিৰ। আৰু অভিযোগ অনুসৰি মহিলাগৰাকীৰ স্বামী আৰু পুত্ৰকো নিৰ্যাতনৰ চলায়৷ অভিযুক্তৰ বিৰুদ্ধে কটাৰীৰে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। শনিবাৰে নিশা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীসত্যসাই জিলাৰ নল্লৱমণিপল্লী গাঁৱত সংঘটিত হয় এই ঘটনা। ঘটনাৰ পাছতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে তদন্তৰ অগ্ৰগতি জানিবলৈ আৰক্ষী অধীক্ষকক তেওঁৰ কাৰ্যালয়লৈ ফোন কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ঘটনাস্থলীৰ কাষতে এটা কাগজ কল নিৰ্মাণ কৰি থকা হৈছে। তাতে অস্থায়ী ঘৰ এটা বনাই আছিল। নিৰ্যাতনৰ বলি হোৱা দুগৰাকী মহিলাই একেলগে শ্ৰমিক হিচাপে কাম কৰিছিল। তেওঁলোকৰ স্বামীয়ে সেই নিৰ্মাণ কোম্পানীটোত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আছে।

জানিব পৰা মতে শনিবাৰে নিশা দুই বজাৰ ওচৰত মটৰ চাইকেলেৰে যাতায়ত কৰা একাংশ লোকক দেখা গৈছিল।তাৰ পিছত সেই পৰিয়ালটোৰ লগত তৰ্ক কৰিবলৈ আৰম্ভ কৰে। তৰ্ক শুনি পুত্ৰও ঘটনাস্থলীত পিতৃৰ কাষলৈ আহিল। অভিযোগ অনুসৰি, অভিযুক্তই তেওঁলোকৰ ওপৰত দাৰে আক্ৰমণ কৰে। ইয়াৰ পিছত জোৰকৈ ঘৰৰ ভিতৰত সোমাই মহিলা দুগৰাকীক ধৰ্ষণ কৰে।

আৰক্ষী অধীক্ষক ভি ৰতনে কয়, ‘হয়তো অভিযুক্তই দীৰ্ঘদিন ধৰি ভুক্তভোগীৰ পৰিয়ালৰ ওপৰত চকু ৰাখিছিল। ইয়াৰ পিছতে ঘৰত সোমাই মহিলাকেইগৰাকীক ধৰ্ষণ কৰে। এই ঘটনাৰ তদন্তৰ বাবে আমি এটা বিশেষ দল গঠন কৰিছো। আমি আশা কৰিছো অভিযুক্তক অতি সোনকালে ধৰা পৰিব।’

ঘটনাৰ পিছতে চিলামঠুৰ থানাত গৈ এজাহাৰ দাখিল কৰে পৰিয়ালে। ভুক্তভোগী দুগৰাকীৰ শাৰীৰিক পৰীক্ষা কৰা হৈছে। আনহাতে, পিতৃ-পুত্ৰৰ অৱস্থাও সুস্থিৰ বুলি জনা যায়। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি সমগ্ৰ বিষয়টো তদন্ত কৰি আছে। শেষ খবৰলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।