NORTHEAST NOW (Assamese)
অসম

বন বিভাগৰ অভিযানত কৃষ্ণাইত কাঠফলা মিলসহ বৃহৎ পৰিমানৰ কাঠ জব্দ

Posted by: নীলমণি শৰ্মা March 24, 2019 4:18 pm
বন বিভাগৰ অভিযানত কৃষ্ণাইত কাঠফলা মিলসহ বৃহৎ পৰিমানৰ কাঠ জব্দ

গোৱালপাৰা জিলাৰ কৃষ্ণাইত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বন বিভাগ। আজি কৃষ্ণাই মধ্যাঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া জে আলমাৰ নেতৃত্বত আৰু কৃষ্ণাই আৰক্ষী থানাৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি মনাকোচাত অভিযান চলাই এটা কাঠ ফলা মিলৰ লগতে বৃহৎ পৰিমাণৰ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে মনাকোচাৰ লগতে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চল সমূহত দীৰ্ঘদিন ধৰি একাংশ লোকে এনেদৰে অবৈধভাৱে মিল বহুৱাই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে।

কৃষ্ণাইৰ বন বিষয়া জে আলমে জানিব দিয়া মতে চোৰাং কাঠৰ ব্যৱসায়ীৰ বিৰুদ্ধে আজি চলোৱা এই অভিযান পৰৱৰ্তী দিনসমূহতো অব্যাহত থাকিব।

আনহাতে আজি চলোৱা উক্ত অভিযানত জব্দ কৰা কাঠসমূহৰ মুল্য প্ৰায় ৭০/৮০ হাজাৰ হ’ব বুলি বন বিভাগৰ এক সূত্ৰই জানিব দিয়ে।