NORTHEAST NOW (Assamese)
অসম

নিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান বন বিভাগৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2021 1:21 pm
Forest department raids against poachers at night

ৰূপহীহাটত দেওবাৰে নিশা চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই বন বিভাগে।

লাওখোৱা অভয়াৰন্যৰ গড়াজান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত অভিযানত ভাগ লয় এটা বন ৰক্ষীৰ দলে।

দেওবাৰে নিশা গড়াজান বনাঞ্চলিক কায্যালয়ৰ ৰূপহীহাটৰ জুৰীয়া, কলনিজলা গাঁৱত চলায় অভিযান চলায় বন বিভাগৰ দলটোৱে।

অভিযান কালত বন বিভাগৰ দলটোৱে বহু কেইটা কাম চৰাই আৰু ডাওক চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

তদুপৰি চোৰাং চিকাৰীৰ দলে ব্যৱহাৰ কৰা অত্যাধুনিক অডিঅ’ ৰেকৰ্ডাৰৰ লগতে ছয়টাকৈ বেটাৰী জব্দ কৰে বন বিভাগৰ দলে।

গড়াজান বনাঞ্চলিক বিষয়াই জানিবলৈ দিয়া মতে চোৰাং চিকাৰীয়ে চৰাই চিকাৰ কাৰ্যত ব্যৱহাৰ কৰি আহিছে এই সমূহ অত্যাধুনিক অডিঅ’ ৰেকৰ্ডাৰ।

অৱশ্যে অভিযানত কোনো চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগৰ দলটোৱে।