NORTHEAST NOW (Assamese)
অসম

চামগুৰি বৰজুৰিত প্ৰায় ৩০০০০ টকাৰ চোৰাং কাঠ জব্দ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা May 25, 2020 8:05 pm
চামগুৰি বৰজুৰিত প্ৰায় ৩০০০০ টকাৰ চোৰাং কাঠ জব্দ

নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলে চামগুৰি সমষ্টিৰ বৰজুৰি অঞ্চলৰ সমীপত অভিযান চলাই মূল্যবান চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে দেওবাৰে নিশা প্ৰায় ১১.৩০ মান বজাত নগাঁও কাৰ্বিআংলং সীমান্ত তথা পাৰ্কোপ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ পাহাৰৰ পৰা চোৰাং কাঠ বেপাৰীয়ে মাকৈ শালৰ ফান্ট্ৰা সমূহ আনি বৰজুৰি সমীপত মজুত কৰি সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে জব্দ কৰে।

শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত যোৱা এটা তহলদাৰি বন কৰ্মী দলে উক্ত চোৰাং কাঠ খিনি জব্দ কৰিবলৈ সক্ষম হয়।

বৰজুৰি অঞ্চলৰ পৰা বন বিভাগে জব্দ কৰা চোৰাং মাকৈ শালৰ ৩০ টা ফান্ট্ৰা বৰ্তমান শালনা বন কাৰ্যালয়ত আছে বুলি বন বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰে।

উল্লেখ্য যে জব্দকৃত উক্ত চোৰাং কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় ৩০ হাজাৰ টকা হ’ব বুলি জানিবলৈ দিয়ে।