NORTHEAST NOW (Assamese)
Popular Stories

পানী গুলপীয়া কৰি আকৌ হাত দাঙিলে এজনে। কোন এইজন ঘোচখোৰ বিষয়া?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 12, 2023 8:10 am
পানী গুলপীয়া কৰি আকৌ হাত দাঙিলে এজনে। কোন এইজন ঘোচখোৰ বিষয়া?

সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ চোৰাংচোৱাই দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই মঙলবাৰে নগাঁও জিলাত এজন বন বিষয়াক গ্ৰেপ্তাৰ কৰে।

নগাঁও সংমণ্ডলৰ ছালোনাস্থিত বন ৰেঞ্জ বিষয়াৰ কাৰ্যালয়ত সহকাৰী বন সংৰক্ষক নেপাল চন্দ্ৰ মণ্ডল নামৰ বন বিষয়াগৰাকীক উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ভিজিলেন্সে।

অভিযোগকাৰীৰ পৰা টিপি (চালান) জাৰি কৰাৰ বাবে দাবী কৰা উৎকোচ গ্ৰহণ কৰাৰ পিছতে তেওঁ ধৰা পৰে।

উল্লেখ্য যে, ২ জুলাইত জামিন প্ৰদানৰ বিনিময়ত অভিযোগকাৰীৰ পৰা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত শুৱালকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক জয়নাল আলীক গ্ৰেপ্তাৰ কৰা হৈছিল।