NORTHEAST NOW (Assamese)

লাওখোৱা অভয়াৰণ্যৰ বুঢ়াচাপৰিত আটক তিনি গৰুৰ চোৰাং সৰবৰাহকাৰী; ৫টা গৰুসহ জব্দ নাও

September 6, 2021 11:47 am · ৰিদীপ শৰ্মা
Updated: September 6, 2021 11:54 am
বন বিভাগে আটক কৰা গৰুৰ চোৰাং সৰবৰাহকাৰীকেইজন। ফটো: নৰ্থইষ্ট নাও।

লাওখোৱা অভয়াৰণ্যৰ বুঢ়াচাপৰিত তিনিজন গৰুৰ চোৰাং সৰবৰাহকাৰীক বন বিভাগে আটক কৰাৰ লগতে ৫ টা চোৰাং গৰুসহ এখন নাও জব্দ কৰিছে।

চোৰাং গৰু সৰবৰাহৰকাৰী কেইজন হৈছে ক্ৰমে কৃঞ্চা চুবেদি, গুলজাৰ হুছেইন আৰু উবাই দুল্লাহ।

জানিব পৰা মতে, সৰবৰাহকাৰীকেইজনে নিশাৰ ভাগত লংকে চৰৰ পৰা গৰুকেইটা সৰবৰাহ কৰিছিল।

বন বিষয়া চুনম কুমাৰ গুপ্তাৰ নেতৃত্বত চলা অভিযান আটক কৰা হয় গৰুৰ চোৰাং সৰবৰাহকাৰীকেইজনক। যোৱা নিশা ১১ বজাত লংকে চৰৰ পৰা নাৱেৰে আনি থকা অৱস্থাত জব্দ কৰা হয় গৰু কেইটা।

নিশা হলেই এনেদৰেই চৰ অঞ্চলৰ পৰা গৰুৰ চোৰাংবেহা অব্যাহত থকাৰ সময়তে বন বিভাগৰ জালত পৰিছে এই তিনি গৰু সৰবৰাহকাৰী।

চৰকাৰৰ গোসুৰক্ষা আইনক ভেঙোচালি কৰি এনেদৰে নিশাৰ অন্ধকাৰত আৰক্ষীৰ চকুত ধূলি দি গৰুৰ সৰবৰাহ প্ৰতি নিশাই চলি থকাৰ এক গোপন সূত্ৰ লাভ কৰি বনবিভাগৰ তালাচীত জালত পৰে এই চক্ৰটো।

বৰ্তমান ধৃত তিনিওকে বনবিভাগে নিজৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে।

Related News