NORTHEAST NOW (Assamese)
অসম

ঢোলপাহাৰত উদ্ধাৰ হোৱা বন্যহস্তীটোৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এজনক কৰায়ত্ব

Posted by: ভার্গব হাজৰিকা May 16, 2019 5:18 pm
IMG-20190516-WA0040

চামগুৰিৰ নিকটৱৰ্ত্তী তথা নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী ঢোলপাহাৰ দাঁতিত বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হোৱা মৃত বন্যহস্তীটোৰ মৃত্যুৰ ৰহস্য ফাদিল হৈছে। নগাঁৱৰ পৰা আহি ঘটনাস্থলী পৰিদৰ্শন কৰা বন বিভাগৰ উচ্চ পদস্থ বিষয়াই বন্যহস্তীটোৰ অস্বাভাৱিক মৃত্যুৰ সন্দৰ্ভত ইতিমধ্যে এজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

ধৃত লোকজন উদমাৰি ঢোলপাহাৰৰ বয়সস্থ স্থানীয় কৃষক দুলাল ঘাটোৱাল। জানিব পৰা মতে, লোকজনে নিজৰ খেতি ডৰাত নিশা বন্যহস্তী আহি উপদ্ৰৱ চলাব পাৰে বুলি আশংকা কৰি অবৈধভাৱে খেতি ডৰাৰ কাষত এলুমিনিয়ামৰ তাঁৰত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ সংযোগ কৰি থৈছিল।

আনহাতে, বন্যহস্তীটোৰ মৃত্যুৰ পাছতেই ঘটনাস্থলীৰ পৰা ততাতৈয়াকৈ পুৱাই কৃষক জনে আঁতৰাই নিছিল তাঁৰখিনি। কিন্তু পিছত বন বিভাগৰ লোকে ঘাটোৱালৰ ঘৰৰ পৰা পৰিত্যক্ত অৱস্থাত তাঁৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইপিনে, পশু চিকিৎসকৰ দ্বাৰা মৃত বন্যহস্তীটোৰ মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ পিছত ঘটনাস্থলীতে মৃতদেহটো সমাধিস্থ কৰে বন বিভাগৰ লোকে।

উল্লেখ্য যে, কেৱল মাত্ৰ একাংশ লোকৰ অজ্ঞতাৰ বাবেই চামগুৰিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাই আহিব ধৰিছে হাতী মানুহৰ সংঘাত, বৃদ্ধি পাইছে হাতীৰ অস্বাভাৱিক মৃত্যুৰ হাৰ, বৃদ্ধি পাইছে মানুহৰ ওপৰতো বন্যহস্তীয়ে কৰা আক্ৰমণৰ ঘটনাৰ হাৰো।