NORTHEAST NOW (Assamese)
অসম

পহিলা মাঘৰ দিনাই কোকৰাঝাৰ চহৰত বৃহৎপৰিমাণৰ মূল্যবান চোৰাং শাল কাঠ জব্দ

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ January 15, 2022 12:13 pm
smuggling woods seized in Kokrajhar

আজি পহিলা মাঘ ৷ পহিলা মাঘৰ ব্ৰহ্ম পুৱাতেই বন বিভাগে কোকৰাঝাৰ চহৰৰ ভাটাৰমাৰি পেট্ৰ’ল পাম্পৰ ওচৰত চোৰাং শাল কাঠ ভৰ্তি এখন বাহন  জব্দ কৰে৷

AS-25 AC-3951 নম্বৰৰ বলেৰো পিক আপ ভানেৰে কঢ়িয়াই আনিছিল ১০০ ছেপ্তিৰ এই মূল্যবান শালকাঠখিনি।

হল্টুগাঁৱ বন সংমণ্ডলৰ বন বিভাগৰ বন বিষয়াই সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে এক গোপন সূত্ৰৰ পমখেদি তেওঁলোকে মূল্যবান শাল কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: শীতৰ আমেজত পৰম্পৰাগত খেল-ধেমালিৰে ভোগালীৰ উত্তাপ বঢ়ালে শিলৰবড়ী গাঁৱবাসীয়ে

জব্দকৃত শালকাঠখিনি জিলাখনৰ কচুগাঁৱ বন সংমণ্ডলৰ দিশৰ পৰা অনা হৈছে বুলি সন্দেহ কৰা হৈছে৷

উল্লেখ্য যে জব্দকৃত শালকাঠখিনিৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ২ লাখ টকা হব বুলি বন বিষয়াই সদৰী কৰে৷