NORTHEAST NOW (Assamese)
অসম

চামগুৰিত বন বিভাগে জব্দ কৰিলে তিনিখনকৈ চোৰাংকাঠ ভৰ্তি গাড়ী

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা July 31, 2020 6:45 am
WhatsApp Image 2020-07-30 at 7.25.30 PM

নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী বন উপ খণ্ড কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি বাঘবৰালি অঞ্চলৰ পৰা বন বিভাগে অভিযান চলাই তিনি খন চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷

বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়া মতে ২৯ জুলাইৰ নিশা পাৰ্কোপ পাহাৰৰ পৰা চোৰাংকাঠ অনা বুলি এক গোপন সুত্ৰৰ পৰা জানিব পাৰি নগাঁও বন সুৰক্ষা বাহিনীৰ এটা দলে নিশাই  চামগুৰিত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলায়৷

পৰৱৰ্তী সময়ত বন সুৰক্ষা বাহিনীৰ দলটোৱে চামগুৰি বাঘবৰালি অঞ্চলৰ পথৰ পৰা এএছ ০২ বি চি ৭৫৮৯, এ এছ ০২ বি চি ৬৯১২ আৰু এএছ ০২ চি চি ৪৭৯০ নম্বৰৰ তিনিখন চোৰাংকাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ পাছতে ঘটনাস্থলীত উদমাৰী, শালনা আৰু  চাপানালা বন বিভাগৰ লোক উপস্থিত হৈ বন সুৰক্ষা বাহিনীক সহযোগ কৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে উদমাৰী বন উপ খণ্ড কাৰ্যালয়ৰ এটা গেট থকা অৱস্থাত নিশাই তিনিখনকৈ চোৰাংকাঠ ভৰ্তি গাড়ী বাঘবৰালি অঞ্চলৰ পথত নগাঁও বন সুৰক্ষা বাহিনীয়ে জব্দ কৰা ঘটনাই স্থানীয় সচেতন মহলৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে।

এই ক্ষেত্ৰত উদমাৰী বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে ২৯ জুলাইৰ নিশা বৰদল অঞ্চলত হাতী খেদিবলৈ যোৱাৰ সময়তে এনে ঘটনা সংঘটিত হ’বলৈ পালে বুলি প্ৰকাশ কৰিছে ৷

আনহাতে, বন বিভাগে জব্দ কৰা চোৰাং মাকৈ শাল খিনিৰ বজাৰৰ মূল্য লক্ষাধিক টকা হ’ব বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে।

জব্দ কৰা চোৰাংকাঠৰ গাড়ী এখনৰ যান্ত্ৰিক বিজুতি হোৱাত উদমাৰী বন কাৰ্যালয়ত ৰখোৱাৰ লগতে আন দুখন গাড়ী নগাঁও বন কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে ৷