NORTHEAST NOW (Assamese)
অসম

RTI কৰ্মী দুলাল বৰাৰ স্বীকাৰোক্তিয়ে বন বিষয়ালৈ আনিছে বিপদ; কেইবাজনেও লৈছে জামিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 29, 2020 8:10 am
DulalBora

বন বিভাগৰ দুৰ্নীতিক লক্ষ্য কৰি লোৱা আৰ টি আই কৰ্মী দুলাল বৰাই চি আই ডিক দিয়া স্বীকাৰোক্তিয়ে বিভাগটোৰ বহুকেইজন দুৰ্নীতিগ্ৰস্ত বিষয়ালৈ বিপদ কঢ়িয়াই আনিছে।

এটা সূত্ৰৰ পৰা জানিব পৰা মতে, কেইবাজনো এনে দুৰ্নীতিগ্ৰস্ত বিষয়াই ইতিমধ্যে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অন্তৰ্ৱৰ্তী জামিন লৈছে আৰু আন কেইবাজনেও গ্ৰেপ্তাৰ হোৱাৰ শংকাত দিন পাৰ কৰিছে।

তদন্তকাৰী সংস্থা চি আই ডিয়ে ইতিমধ্যে বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত এজন দুৰ্নীতিগ্ৰস্ত বিষয়া ডেপুটি ৰেঞ্জাৰ ইকবাল আনোৱাৰক গ্ৰেপ্তাৰ কৰিছে।

আকৌ ইকবাল আনোৱাৰেও আন কেইবাজন বিষয়া দুৰ্নীতিত জড়িত থকা নাম সৈ কাঢ়িছে। ইয়াৰ ভিতৰত বন বিষয়া পংকজ কলিতা আৰু মুনীন বৰ্মনে ইতিমধ্যে জামিন ল’বলৈ সক্ষম হৈছে। ফলত দুয়োজনৰ ঘৰত চি আই ডিয়ে অভিযান চলায় যদিও তেওঁলোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে।

উল্লেখ কৰিব পাৰি যে তথ্য জনাৰ অধিকাৰ আইনখনৰ অপব্যৱহাৰেৰে বিভিন্নজনক ব্লেকমেইলিং কৰাৰ অভিযোগত বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাক ৭ ডিচেম্বৰত মহানগৰৰ হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

তাৰ পিছতে একাধিক বন বিষয়াৰ অভিযোগৰ ভিত্তিত ১১ জানুৱাৰিত বৰাক চি আই ডিয়ে নিজৰ জিম্মাত লয়।

বৰাৰ বাসগৃহত অভিযান চলাই চি আই ডিয়ে প্ৰায় ৩৫ লাখ টকা মূল্যৰ এখন গাড়ীৰ লগতে বহুতো আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছিল।

জানিব পৰা মতে বন বিভাগৰ বহুতো দুৰ্নীতিগ্ৰস্ত বিষয়াক ব্লেক মেইলিং কৰি দীৰ্ঘদিনৰ পৰা বৰাই নিয়মীয়াকৈ মোটা অংকৰ ধন আদায় কৰি আহিছিল।

চি আই ডিয়ে ৩১ জানুৱাৰিত বৰাৰ বিৰুদ্ধে চাৰ্জ শ্বীট দাখিল কৰাৰ কথা।