NORTHEAST NOW (Assamese)
অসম

অগপৰ দুৰ্গ মৰিগাঁৱত খহনীয়া : প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক বাণী দাসৰ অসম জাতীয় পৰিষদত যোগদান

Posted by: চানু গগৈ Updated by: চানু গগৈ December 10, 2020 7:33 am
index

কালি মৰিগাঁও জিলাৰ গান্ধী ভৱনত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহত আঞ্চলিকতাবাদী শিবিৰৰ অন্যতম নিঃস্বাৰ্থ কৰ্মী তথা অসম গণ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক বাণী দাসে আনুষ্ঠানিক ভাৱে যোগদান কৰে অসম জাতীয় পৰিষদত।

উল্লেখ্য যে কিছুদিন পূৰ্বে অগপৰ প্ৰাক্তন কেন্দ্ৰীয় সাধাৰণ সম্পাদকজনে অগপৰ পৰা পদত্যাগ কৰিছিল।

বাণী দাসৰ লগতে মৰিগাঁৱৰ অগপৰ পৰা সদ্য পদত্যাগী ২১ খন আঞ্চলিকেও অসম জাতীয় পৰিষদত যোগদান কৰে।

আঞ্চলিক দলটোৰ বৰ্তমানৰ সভাপতি অতুল বৰাৰ একনায়কত্ববাদ আৰু স্বৈৰাচাৰী নীতিত অতিষ্ঠ হৈ ৰাজ্যখনৰ লগতে মৰিগাঁও জিলাতো দলটোৰ প্ৰতি মোহভংগ হৈ ইখনৰ পিছত আনখন আঞ্চলিক অগপ সমিতিয়ে পদত্যাগ কৰি আহিছে।

ক্ষমতা আৰু গাদী ৰক্ষাৰ নিৰ্লজ্জ চৰিত্ৰৰ বাবে অগপ নামৰ আঞ্চলিক দল(!)টোৰ এনে স্থিতিয়ে বাৰুকৈয়ে বিপদত পেলাইছে আঞ্চলিকতাবাদী শিবিৰৰ মাজত।

যাৰ পৰিপ্ৰেক্ষিতত দলটোৰ বহু নিষ্ঠাৱান নেতা-কৰ্মীয়ে অসম গণ পৰিষদ ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিছে।

উলেখ্য যে কালিৰ যোগদান এই সভাত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ মূখ্য আহৱায়ক জগদীশ ভূঞাই বিজেপিক দল পুঁজিপতি দল বুলি সমালোচনা কৰি কয় যে আগন্তুক অসম বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদে অসমৰ ৰাজনৈতিক ইতিহাসত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।