NORTHEAST NOW (Assamese)

কংগ্ৰেছত যোগদান অৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী কুমাৰ ৱাইৰ

June 28, 2023 2:51 pm · এন ই নাও নিউজ, গুৱাহাটী

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী কুমাৰ ৱাইয়ে বুধবাৰে দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছত যোগদান কৰে।

এই উপলক্ষে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি ভেনুগোপাল, অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি বছিৰাম ইৰাম আৰু প্ৰাক্তন মন্ত্ৰী টাংগা বালিং উপস্থিত থাকে।

ৱাইয়ে পূৰ্বৰ চৰকাৰ (২০১৪-২০১৯)ত গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

লগতে পঢ়কঃ দোষীক ক্ষমাদান : ৬৬ শতাংশ কাৰাবাস খটা কয়দী সকলক মুক্তি দিয়াৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

শেহতীয়াকৈ তেওঁ চৰকাৰক আক্ৰমণ কৰি অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ) আৰু ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

তেওঁ উদ্বেগ প্ৰকাশ কৰে যে যদিহে এই ধাৰা অব্যাহত থাকে তেন্তে ই গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে কাৰণ নিৰ্বাচিত চৰকাৰে এই আইনখনক নিজৰ এজেণ্ডাৰ বাবে অপব্যৱহাৰ কৰিব পাৰে।

Related News