NORTHEAST NOW (Assamese)
অসম

গুৰুতৰভাৱে অসুস্থ প্রাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্ত দিল্লীৰ এইমছত চিকিৎসাধীন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2021 7:00 am
DwjFNkjVAAIIlm3-750x375

ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত বৃহস্পতিবাৰে সন্ধিয়া গুৰুতৰভাৱে অসুস্থ পৰাত তেওঁক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে নি দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হয়।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বহুদিনৰে পৰাই অসুস্থ হৈ আছিল। সম্প্ৰতি তেওঁক দিল্লী  এইমছৰ কাৰ্ডিঅ’লজি বিভাগৰ ১০৪নং কোঠাত ৰাখি চিকিৎসা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে মহন্তৰ ষ্ট্ৰোক হোৱাৰ উপৰি শৰীৰৰ অংগ-প্ৰত্যংগসমূহ স্বাভাৱিকভাৱে কাৰ্যক্ষম হৈ উঠা নাই।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কিছু দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন হ’ব বুলি কোৱা হৈছে।

৬৮বছৰীয়া মহন্ত বিভিন্ন শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটীৰ ডাউনটাউন হাস্পাতলত চিকিৎসাধীন হৈ আছিল।

ৰাজ্যখনৰ দুবাৰকৈ মুখ্যমন্ত্ৰী মহন্তক যোৱা ১৬ জানুৱাৰিত বুকুৰ বিষ আৰু শাৰীৰিক দুৰ্বলতাৰ বাবে হাস্পাতলখনত ভৰ্তি কৰোৱা হৈছিল।

এগৰাকী ডায়েবেটিছ ৰোগী মহন্তক ইয়াৰ পূৰ্বে যোৱা বছৰ ছেপ্টেম্বৰ মাহতো উচ্চ ৰক্তচাপৰ সমস্যাৰ বাবে গুৱাহাটীত হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

প্ৰফুল্ল কুমাৰ মহন্তই বৰ্তমান অসম বিধানসভাত বৰহমপুৰ সমষ্টিৰ পৰা অসম গণ পৰিষদৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰি আছে।