NORTHEAST NOW (Assamese)

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ পুনৰ অৱনতি, আই চি ইউত ভৰ্তি

September 24, 2020 3:10 pm · এন ই নাও নিউজ
Updated: September 24, 2020 9:01 pm

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বৃহস্পতিবাৰে  স্বাস্থ্যৰ অৱস্থাৰ  অৱনতি ঘটাত তেওঁক পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হয়।

গগৈৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰা অনুসৰি স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে তেওঁক পোনে পোনে আই চি ইউত ভৰ্তি কৰোৱা হয়।

বৰ্তমানেও তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ নহয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যোৱা ২৬ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কোভিডত আক্ৰান্ত হোৱা বুলি গগৈয়ে নিজেই টুইটাৰ যোগে প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

অসম চৰকাৰে গগৈৰ স্বাস্থ্যৰ তদাৰকীৰ বাবে ডাঃ যোগেশ শৰ্মাৰ নেতৃত্বত চিকিৎসকৰ এটা দল গঠন কৰি দিছিল।

আজি হঠাতে তেওঁৰ অক্সিজেনৰ লেভেল কমি যোৱাত তেওঁক পুনৰ চিকিৎসাধীন কৰোৱা হয়।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা মতে তৰুণ গগৈৰ অক্সিজেনৰ মাত্ৰা আজি দিনৰ ১১,৩০ বজাত হয়গৈ ৮৮ শতাংশ।

তেওঁক বৰ্তমান বিশেষজ্ঞ চিকিৎসক সকলে চোৱা-চিতা কৰি থকা বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে টুইটযোগে সদৰী কৰিছে।

Related News