NORTHEAST NOW (Assamese)
দেশ

মাংগালোৰত বজৰং দলৰ প্ৰাক্তন কৰ্মী সুহাশ শেঠীক হত্যা : উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 2, 2025 6:26 pm

বৃহস্পতিবাৰে নিশা কৰ্ণাটকৰ মাংগালুৰুৰ উপকণ্ঠ অঞ্চলত বজৰং দলৰ প্ৰাক্তন সদস্য সুহাশ শেঠীক হত্যা কৰা হয়। ছচিয়েল মিডিয়াত এই আক্ৰমণৰ ভিডিঅ বিয়পি পৰে।

আৰক্ষীয়ে জনোৱা মতে, নিশা ৮:২৭ বজাত সুহাশ আৰু পাঁচজন সংগী এখন গাড়ীত গৈ থকাৰ সময়তে দুখন গাড়ীত ৫-৬জন আক্ৰমণকাৰীয়ে তেওঁলোকক আগভেটি ধৰে। সুহাশক তৰোৱাল আৰু চোকা অস্ত্ৰৰে আঘাত কৰি দলটোৱে পলায়ন কৰে।

ঘটনাস্থলীৰ পৰা তেওঁক এ.জে. চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

এই ঘটনাৰ পিছতে চিকিৎসালয়খনৰ সন্মুখত হিন্দুত্ববাদী নেতা-কৰ্মীসকলে ভিৰ কৰে। বিজেপিৰ সাংসদ নলিন কুমাৰ কটীল, বিধায়ক ভাৰত শেঠীকে ধৰি বিভিন্ন হিন্দু সংগঠনৰ নেতাসকলে চিকিৎসালয়খন পৰিদৰ্শন কৰে।

বিশ্ব হিন্দু পৰিষদে শুকুৰবাৰে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ মাংগালোৰ বন্ধৰ আহ্বান জনায়। ইফালে, আইন-শৃংখলা বজাই ৰাখিবলৈ সমগ্ৰ অঞ্চলটোত ১৪৪ ধাৰা জাৰি কৰা হৈছে।

উল্লেখ্য যে ২০২২ চনত মুছলমান যুৱক মহম্মদ ফাজিলৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল সুহাশ শেঠী। সেই হত্যাকাণ্ডৰ প্ৰতিশোধত এতিয়া তেওঁক হত্যা কৰা বুলি ধাৰণা কৰা হৈছে।

কৰ্ণাটকৰ গৃহমন্ত্ৰীয়ে কয় যে চাৰিটা তদন্তকাৰী দল গঠন কৰা হৈছে আৰু শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হব। মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই কয়, “তদন্ত চলি আছে, কাকো ৰেহাই দিয়া নহব।চৰকাৰে সকলো পক্ষকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে।