NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না আক্ৰান্ত হৈ বিজেপিৰ প্ৰাক্তন লোকসভাৰ সাংসদৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 16, 2020 9:52 pm

বিজেপিৰ প্ৰাক্তন লোকসভাৰ সাংসদ হৰিভাউ জাউলেৰ আজি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ৬৭ বছৰ বয়সত মুম্বাইৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে।

হৰিভাউ জাউলে মহাৰাষ্ট্ৰৰ জালগাঁও সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল।

জাউলে জুনৰ প্ৰথম সপ্তাহতে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

ক’ৰ’নাৰ আক্ৰান্ত হোৱাৰ উপৰিও জাউলে শ্বাস-প্ৰশ্বাস জনিত ৰোগত ভূগি আছিল।

ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পাছত বিজেপিৰ প্ৰাক্তন লোকসভাৰ সাংসদ গৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ভেণ্টিলেটৰত ৰখা হয় যদিও চিকিৎসকে তেওঁৰ জীৱন বচাবলৈ সক্ষম নহ’ল।

ইয়াৰ পূৰ্বে, তামিলনাডুৰ ডিএমকেৰ বিধায়ক জে আনবাজগানৰ চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ক’ৰ’না আক্ৰান্ত হৈ মৃত্যু হৈছিল।

বিগত ২ জুনত বিধায়ক জে আনবাজগানক ক’ৰ’না পজিটিভ পোৱাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

বিধায়ক গৰাকীয়ে ৬২ বছৰীয়া জন্মদিনৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে।

বিধায়ক গৰাকীৰ মৃত্যুৰ পাছত চিকিৎসালয় কৰ্তৃপক্ষই তেওঁ ক’ৰ’নাৰ লগতে কিডনীৰ ৰোগতো ভূগি আছিল বুলি উল্লেখ কৰে।