NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়াসকলৰ সৈতে মত বিনিময়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 20, 2021 5:47 pm
WhatsApp Image 2021-05-20 at 4.08.38 PM

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাস আৰু দলীয় বিষয়ববীয়াৰ সৈতে আজি গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক বৈঠকত মিলিত হয়।

ৰাজ্যত দলৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰাৰ লগতে ক’ভিড-১৯ মহামাৰীৰ এই জটিল পৰিস্থিতিত দলৰ তৰফৰপৰা জনগণক সহযোগিতা আৰু প্ৰয়োজনীয় সাহায্য আগবঢ়োৱাৰ বিষয়েও আলোচনা কৰা হয়।

তদুপৰি, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক এই বৈঠকতে বিশেষ সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কেবিনেট মন্ত্ৰীসকলক প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিবলৈ আৰু লগতে পৰামৰ্শ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।