NORTHEAST NOW (Assamese)
অসম

নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 24, 2020 8:50 pm
WhatsApp Image 2020-11-23 at 10.33.26 AM

সোমবাৰে আবেলি পৰলোকপ্ৰাপ্তি ঘটা অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য নৱগ্ৰহ শ্মশানতেই সম্পন্ন কৰা হ’ব।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, সুকীয়া স্থানত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ শেষ কৃত্য সম্পন্ন কৰাক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিছিল।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা দলীয় ভূমিত গগৈৰ শেষকৃত্য সম্পন্ন কৰা হ’ব পাৰে বুলি ৰিপুন বৰাই ইংগিত দিছিল যদিও অৱশেষত গুৱাহাটীৰ নৱগ্ৰহ শ্মশানতে তৰুণ গগৈৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

অৱশ্যে পৰৱৰ্তী সময়ত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ অস্থি আনি অন্য স্থানত স্মৃতি সৌধ নিৰ্মাণ কৰা হ’ব পাৰে বুলিও বৰাই সংবাদ মাধ্যমক কয়।

‘‘পৰিয়াল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ইচ্ছা অনুসৰি বৃহস্পতিবাৰে প্ৰয়াত তৰুণ গগৈৰ শেষকৃত্য নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব,’’ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়া যোগে এইকথা প্ৰকাশ কৰে।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে কাইলৈ গুৱাহাটীত উপস্থিত হ’ব কংগ্ৰেছ  নেতা ৰাহুল গান্ধী, কে চি বেনুগোপাল।

দিল্লীৰ পৰা বিশেষ বিমানেৰে ৰাতিপুৱা গুৱাহাটীত উপস্থিত হ’ব ৰাহুল গান্ধী।