NORTHEAST NOW (Assamese)
দেশ

নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰিলে বায়ুসেনাৰ প্ৰাক্তন মুৰব্বী আৰ কে এছ ভদৌৰিয়াই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 24, 2024 6:19 pm

ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন মুৰব্বী, বায়ু প্ৰধান মাৰ্শ্বাল আৰ কে এছ ভদৌৰিয়াই দেওবাৰে বিজেপিত যোগদান কৰে। 

অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাওডে আৰু কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিঙৰ উপস্থিতিত বিজেপিত যোগদান কৰে। 

উত্তৰ প্ৰদেশৰ বাসিন্দা আৰ কে এছ ভাদৌৰিয়া। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ কেইবাটাও সমষ্টিৰ পৰা বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰা নাই। গতিকে, গেৰুৱা শিবিৰে আগন্তুক নিৰ্বাচনত আৰ কে এছ ভদৌৰিয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰিব পাৰে। 

আৰ কে এছ ভদৌৰিয়াৰ উপৰিও আজি বিজেপিত যোগদান কৰে তিৰুপতিৰ প্ৰাক্তন সাংসদ ভৰপ্ৰসাদ ৰাৱে।

আৰ কে এছ ভাদৌৰিয়া আছিল ভাৰতীয় বায়ুসেনাৰ অন্যতম শীৰ্ষ পাইলট যিয়ে প্ৰথমখন ৰাফেল যুদ্ধ বিমান উৰুৱাইছিল। এই যুদ্ধ বিমান ক্ৰয়ৰ বাবে ভাৰতে ফ্ৰান্সৰ সৈতে যি চুক্তি কৰিছিল, সেই চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। 

২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২১ চনৰ ছেপ্টেম্বৰ মাহলৈকে তেওঁ বায়ুসেনাৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। জানিব পৰা মতে উত্তৰ প্ৰদেশৰ এটা সমষ্টিৰ পৰা বিজেপিয়ে তেওঁক প্ৰক্ষেপ কৰিব।

বিজেপিত যোগদান কৰাৰ পাছত প্ৰাক্তন বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁ চাৰি দশকৰো অধিক সময় বায়ুসেনাত কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে তেওঁৰ কেৰিয়াৰৰ সৰ্বোত্তম সময় আছিল তেওঁৰ কেৰিয়াৰৰ শেষৰ আঠ বছৰ। সেই সময়ত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰ আছিল।