NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত; আহত তিনিজন নিৰাপত্তাৰক্ষী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 16, 2021 8:21 am
Sarbananda_Sonowal-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় শনিবাৰে দুৰ্ঘটনাগ্ৰস্ত হয়।

বোকাখাতৰ লখৌজানত প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ কনভয়ৰ পায়লট গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়।

বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী ডাম্পাৰে কনভয়ত থকা আৰক্ষীৰ বলেৰ’ত খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, AS-05-C-6309 নম্বৰৰ ডাম্পাৰখনৰ লগত AS-30-8766 নম্বৰৰ বলেৰ’খনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনাটোত পাইলট গাড়ীখনৰ তিনিজন নিৰাপত্তাৰক্ষী আহত হয় যদিও সোণোৱালে কোনো আঘাত পোৱা নাই।

আহত নিৰাপত্তাৰক্ষী কেইজনক বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ কনভয়টো গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ আছিল।