NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ দুৰ্ঘটনা! গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2021 4:57 pm
Former CM son dies in tragic accident in meghalaya

মেঘালয়ৰ উমছামলেম গাঁৱত শনিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।

বাহনৰ ভিতৰত অগ্নিদগ্ধ হৈ মৃত্যু হয় মেঘালয়ৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ ফাৰ্ডিনান্দ বি লিংডোৰ।

ফাৰ্ডিনান্দ বি লিংডো তুৰাৰ চেন্ট্ৰেল এগ্ৰিকালচাৰ ইউনিভাৰ্ছিটীৰ অধীনৰ কমিউনিটী ছায়েন্স কলেজৰ সহকাৰী অধ্যাপক ৰূপে কৰ্মৰত আছিল।

নিহত ফাৰ্ডিনান্দ লিংডো কংগ্ৰেছ বিধায়ক জৰ্জ বি লিংডোৰ জ্যেষ্ঠ ভাতৃ আৰু প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ই কে মাওলঙৰ পুত্ৰ।

জানিব পৰা মতে, ফাৰ্ডিনান্দ লিংডো শ্বিলঙলৈ আহি থকাৰ সময়তে ৰিভয় জিলাত ৬নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।

সূত্ৰ অনুসৰি, দীঘলীয়া যাত্ৰা কৰি ভাগৰ অনুভৱ কৰাত পথৰ কাষত গাড়ীখন ৰখাই জিৰণী লিংডোৱে।

সেই সময়তে গাড়ীখনত জুইৰ সূত্ৰপাত হয় আৰু মুহূৰ্ততে জুয়ে আৱৰি ধৰে গাড়ীখন। জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ পিছত প্ৰচণ্ড বিস্ফোৰণ ঘটে গাড়ীখনত।

এই ঘটনাৰ পিছতে ড০ মুকুল ছাংমাসহ কেইবাগৰাকীও কংগ্ৰেছ নেতাই নিহত লিংডোৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।