NORTHEAST NOW (Assamese)
অসম

৫ বছৰত কিমান বিদেশী বহিষ্কাৰ কৰিলে বিজেপিয়ে শ্বেতপত্ৰ প্ৰকাশ কৰক : তৰুণ গগৈ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক February 16, 2019 9:46 pm
If needed, former Assam CM Tarun Gogoi ready to file case against NRC state co-ordinator Prateek Hajela

২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘দেশক বিদেশীমুক্ত কৰা’ বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। সেই প্ৰতিশ্ৰুতি প্ৰদানৰ পাঁচ বছৰ হ’ল। আকৌ নিৰ্বাচন আহিল। কিন্তু যোৱা পাঁচটা বছৰত দেশৰ পৰা কিমান বিদেশী বহিষ্কাৰ হ’ল?

নিৰ্বাচনী সভাত উদাত্ত কণ্ঠেৰে ‘১৬ মেৰ পাছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব’ বুলি ভাষণ দিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা বহিষ্কৃত বাংলাদেশীৰ হিচাপ বিচাৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

শনিবাৰে দিচপুৰৰ চৰকাৰী বাসভৱনত এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰে যোৱা পাঁচ বছৰত বহিষ্কাৰ কৰা বাংলাদেশীৰ হিচাপৰ এখন শ্বেতপত্ৰ প্ৰকাশৰ দাবী জনায় বিজেপিক।

“নৰেন্দ্ৰ মোদীয়ে কৈছিল ইয়াত লাখে লাখে বাংলাদেশী আছে। এতিয়া সেই লাখ লাখ বাংলাদেশী ক’ত গ’ল? তেতিয়া আমি বাংলাদেশীক প্ৰশ্ৰয় দিয়া বুলি কৈছিল। এতিয়া পাঁচ বছৰত কিমান বাংলাদেশী খেদিলে?”, চৰকাৰলৈ প্ৰশ্ন তৰুণ গগৈৰ।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে বিদেশী বহিষ্কাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে শাসনলৈ আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ওলোটা খৰ মাৰি বিদেশী আনিবলৈহে চেষ্টা কৰিছিল বুলি কটাক্ষ কৰে।

একেটা প্ৰসংগতে মেঘালয়, মিজোৰাম, মণিপুৰ আদি ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী স্থিতিৰ শলাগ লয় তৰুণ গগৈয়ে। ইয়াৰ বিপৰীতে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি অসমৰ বিজেপিৰ নেতাসকলে বিধেয়কক লৈ কৰা ওকালতিক তেওঁ সমলোচনা কৰে।

“উত্তৰ-পূবৰ বাকী ৰাজ্যৰ মুখ্য মন্ত্ৰীসকলে বিধেয়কখনৰ ফলত যে উত্তৰ-পূবৰ মানুহৰ সূকীয়া পৰিচয়, অস্তিত্ব নষ্ট হৈ যাব সেই কথা উপলব্ধি কৰিছিল। কিন্তু আমাৰ অসমৰ মুখ্য মন্ত্ৰী আৰু বাকীসকল মন্ত্ৰীয়ে অসমৰ স্বাৰ্থত মাত নামাতি বৰঞ্চ মোদী চৰকাৰে উঠ বুলি ক’লে উঠে, বহ বুলি ক’লে বহে”, গগৈয়ে কয়।

সোণোৱাল চৰকাৰক ‘বহতীয়া চৰকাৰ’ আখ্যা দি ‘এই চৰকাৰ যিমান সোনকালে নিঃশেষ হয় সিমানেই মংগল’ বুলিও তৰুণ গগৈয়ে মন্তব্য কৰে।

বিজেপি পুনৰ শাসনলৈ আহিলে বিধেয়কখন আকৌ আনিব বুলি কৰা ঘোষণাৰ প্ৰসংগত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক লোক সভা নিৰ্বাচনত বিজেপিক পৰাজিত কৰাবই লাগিব। কেৱল লোকসভাই নহয় অসমতো দলটোক ক্ষমতাচ্যুত কৰিবই বুলিও তেওঁ মন্তব্য কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টো এইবাৰ কংগ্ৰেছৰ প্ৰধান নিৰ্বাচনী ইচ্ছ্যু হ’ব বুলিও তৰুণ গগৈয়ে জানিবলৈ দিয়ে।

সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে অগপৰ ভূমিকাক সন্দেহজনক আখ্যা দিয়ে।

“অগপই মাজতে অলপ গৰম হৈছিল, কিন্তু তেওঁলোক বিজেপিৰ প্ৰতি এতিয়া আকৌ নৰম হৈছে। তেওঁলোক বিজেপিৰ সৈতে মিত্ৰতালৈ পুনৰ উভতি গ’লেও আচৰিত হবলগীয়া নাই” গগৈৰ মত।