NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ চেতন চৌহান ক’ৰ’নাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 12, 2020 10:17 pm

ভাৰতৰ প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰ তথা বৰ্তমানৰ উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী চেতন চৌহান ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

ক’ভিড-১৯ৰ লক্ষণ দেখা দিয়া বাবে হজৰতগঞ্জস্থিত শ্যামা প্ৰসাদ মুখাৰ্জী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাবলৈ যোৱাত চেতন চৌহানৰ টেষ্ট পজিটিভ আহে।

চিকিৎসক ডাঃ নৰেন্দ্ৰ আগ্ৰৱালে কয় যে চেতন চৌহানক সঞ্জয় গান্ধী স্নানাকোত্তৰ আয়ুৰ্বিজ্ঞান সংস্থাৰ ক’ভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ গৰাকীৰ পৰিয়ালৰ আন আন সদস্য সকলৰো স্বাৱ সংগ্ৰহ কৰা হৈছে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত যোৱা তিনিদিনৰ পৰা তীব্ৰ হাৰত বৃদ্ঝধি পাবলৈ ধৰিছে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ।

লক্ষ্ণৌত যোৱা ২৪ ঘণ্টাত ২০২ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। ৰাজ্যখনত এই পৰ্যন্ত ৩৫ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে।

আনহাতে ক’ৰ’নাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাথি উত্তৰ প্ৰদেশ চৰকাৰে সপ্তাহৰ প্ৰতি শনিবাৰ আৰু দেওবাৰে ৰাজ্যখনৰ সকলো বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত লয়।