NORTHEAST NOW (Assamese)
Popular Stories

মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 18, 2026 11:39 am
মেচ ফিক্সিঙত উচটনিৰ অভিযোগ; গ্ৰেপ্তাৰ টিম ইণ্ডিয়াৰ বিশ্বকাপ জয়ৰ নায়ক, আটক আন এক যুৱৰাজ

ভাৰতৰ ১৯ বছৰ অনুৰ্ধৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা লংকা প্ৰিমিয়াৰ লীগ (এল পি এল) ফ্ৰেঞ্চাইজি ‘জাফনা কিংছ’ৰ সহ-স্বত্তাধিকাৰী মনজোত কালৰাক দুৰ্নীতিৰ অভিযোগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২৭ বছৰীয়া কালৰাৰ বিৰুদ্ধে এজন খেলুৱৈক মেচ ফিক্সিংত লিপ্ত হ’বলৈ উচটনি দিয়াৰ অভিযোগ উঠিছে। শুকুৰবাৰে আৰক্ষীৰ ‘বিশেষ তদন্ত ইউনিট’য়ে তেওঁক জিম্মাত লয়।

প্ৰতিবেদন অনুসৰি গ্ৰেপ্তাৰৰ পিছত কালৰাক এজন দণ্ডাধীশৰ আগত হাজিৰ কৰা হয় আৰু দণ্ডাধীশে তেওঁক ৩১ জুলাইলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। এই ঘটনাত যুৱৰাজ পুষ্পা নামৰ আন এজন ভাৰতীয় নাগৰিককো গ্ৰেপ্তাৰ কৰা হৈছে আৰু আদালতে তেওঁকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিবলৈও নিৰ্দেশ দিছে।

এই পৰিপ্ৰেক্ষিতত শ্ৰীলংকা ক্ৰিকেটে স্পষ্ট কৰি দিছে যে এই গ্ৰেপ্তাৰৰ ফলত লংকা প্ৰিমিয়াৰ লীগ ২০২৬ৰ আয়োজনত কোনো প্ৰভাৱ নপৰে।

এক বিবৃতিত শ্ৰীলংকা ক্ৰিকেটে কয় যে এল পি এল ২০২৬ৰ আয়োজক হিচাপে তেওঁলোকে প্ৰতিযোগিতাখনৰ সততা আৰু বিশ্বাসযোগ্যতা বজাই ৰখাৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। ব’ৰ্ডে লগতে কয় যে লীগৰ সৈতে জড়িত যিকোনো পক্ষৰ দুৰ্নীতি, অনুচিত আচৰণ বা অন্য কোনো ধৰণৰ অসৎ আচৰণৰ প্ৰতি ‘শূন্য সহনশীলতা’ বা কঠোৰ স্থিতি বজাই ৰাখিব।

সৰ্বোচ্চ নৈতিক আৰু স্বচ্ছ মানদণ্ড অনুসৰি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ব’ৰ্ডে জানিবলৈ দিয়ে। লীগৰ দুৰ্নীতি বিৰোধী কাঠামো আৰু অধিক শক্তিশালী কৰাৰ বাবে এছ এল চিৰ দুৰ্নীতি বিৰোধী ইউনিটে চৰকাৰৰ বিশেষ তদন্ত ইউনিটৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে।

শ্ৰীলংকা ক্ৰিকেটে আৰু কয় যে দুৰ্নীতি আৰু অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কঠোৰ নীতি অব্যাহত থাকিব আৰু প্ৰতিযোগিতাখনৰ সুনাম সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব।

২০১৮ চনৰ আই চি চিৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত মনজোত কালৰাই শতক অৰ্জন কৰি শিৰোনাম দখল কৰিছিল। তেওঁৰ মেচ জয়ী ইনিংছে ভাৰতক খিতাপ দখল কৰাত সহায় কৰিছিল।

ক্ৰিকেটৰ পৰা বিৰতি লোৱাৰ পিছত তেওঁ ক্ৰীড়া ব্যৱসায়ৰ প্ৰতি মনোযোগ দিয়ে আৰু এই বছৰ জাফনা কিংছ ফ্ৰেঞ্চাইজিত বিনিয়োগ কৰি সহ-স্বত্তাধিকাৰী হয়। এতিয়া এল পি এল ২০২৬ চলি থকাৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰা ঘটনাই ক্ৰিকেট জগতত আলোড়নৰ সৃষ্টি কৰিছে।