NORTHEAST NOW (Assamese)
অসম

গৃহ চহৰত ভাৰতীয় দলৰ ড্ৰেছিং ৰূমত মহেন্দ্ৰ সিং ধোনী; প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ টুইট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2019 7:10 am
MSD with Shahbaz Nadeem

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা তিনিখনীয়া টেষ্ট শৃংখলাৰ ৰাঁচীত অনুষ্ঠিত হোৱা অন্তিমখন খেলত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চমকপ্ৰদ বিজয় সাব্যস্ত কৰি ৩-০ ব্যৱধানত টেষ্ট শৃংখলাটো দখল কৰে।

ভাৰতীয় দলৰ ঐতিহাসিক বিজয়ৰ পাছতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ভাৰতীয় ড্ৰেছিং ৰূমত ভাৰতীয় দলৰ খেলুৱৈ সকলক সাক্ষাৎ কৰা দেখা যায়।

ফটোত মহেন্দ্ৰ সিং ধোনীক ভাৰতীয় দলত অভিষেক ঘটা ঝাৰখণ্ডৰ স্পীনাৰ ছাহবাজ নাদিমৰ লগতে দলৰ অন্য খেলুৱৈ সকলৰ সৈতে দেখা গ’ল।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে মহেন্দ্ৰ সিং ধোনীৰ ভাৰতীয় দলক সাক্ষাৎ কৰাৰ ফটো টুইটাৰত আপলোড কৰি ‘চাওঁক কোন আহিছে’ বুলি লিখে।

আনহাতে, ভাৰতীয় দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ো প্ৰাক্তন অধিনায়কগৰাকীৰ সৈতে একেলগে উঠা এখন ফটো নিজৰ টুইটাৰত আপলোড কৰি ভাৰতীয় দলৰ ঐতিহাসিক বিজয়ৰ পাছত এগৰাকী প্ৰকৃত ভাৰতীয়ৰ সাক্ষাৎ লাভ কৰি সুখী বুলি লিখে।

শৃংখলাৰ অন্তিমখন খেল মহেন্দ্ৰ সিং ধোনীৰ গৃহৰাজ্য ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল।

উল্লেখযোগ্য যে, বিশ্বকাপত ভাৰতৰ আকস্মিক পৰাজয়ৰ পাছৰে পৰা ভাৰতীয় দলৰ পৰা সম্প্ৰতি বাহিৰত আছে মহেন্দ্ৰ সিং ধোনী।