চকুত জ্বলকীয়া গুড়ি, কাঁচৰ বটলেৰে প্ৰহাৰ : “স্বামীক কিদৰে হত্যা কৰিলো” – জেৰাত প্ৰাক্তন আৰক্ষী সঞ্চালকৰ পত্নীৰ শিহৰণকাৰী বৰ্ণনা

কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী অধীক্ষক ওম প্ৰকাশৰ ৰহস্যজনক মৃত্যুৱে কঁপাই তুলিছে সমগ্ৰ ৰাজ্য। দেওবাৰে বেংগালুৰুৰ এটা ঘৰৰ পৰা উদ্ধাৰ হৈছে এটা তেওঁৰ ৰক্তাক্ত মৃতদেহ।
উদ্ধাৰকাৰী আৰক্ষী বিষয়াই জনোৱা মতে, ঘৰৰ মজিয়া তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি আছিল তেখেতৰ মৃতদেহ।
৬৮ বছৰীয়া আৰক্ষী বিষয়াজনৰ বেংগালুৰুৰ এইচ এছ আৰ লেআউট এলেকাত তিনি মহলীয়া ঘৰ আছে। পত্নী পল্লৱীয়ে আৰক্ষীক ফোন কৰি তেওঁৰ মৃত্যুৰ খবৰ দিয়ে। আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ঘটনাস্থলীত উপস্থিত হয়।
ঘৰৰ পৰা উদ্ধাৰ হয় ওম প্ৰকাশৰ ৰক্তাক্ত মৃতদেহ। এই ঘটনাত পৰিয়ালৰ লোক জড়িত থকাৰ সন্দেহ ওপজে আৰক্ষীৰ। লগে লগেই পত্নী পল্লৱী আৰু ওম প্ৰকাশৰ কন্যাক আৰক্ষীয়ে জেৰা আৰম্ভ কৰে। ১২ ঘন্টাৰ জেৰাৰ অন্তত সকলো এটা এটাকৈ স্বীকাৰ কৰে পত্নী-কন্যাই।
পল্লৱীয়ে আৰক্ষীৰ আগত জনোৱা মতে, প্ৰথমে স্বামীৰ চকু আৰু মুখত গৰম তেল আৰু জ্বলকীয়া গুড়ি ছটিয়াইছিল। তাৰ পিছত ভালদৰে বান্ধি লৈছিল। তাৰপিছত কাঁচৰ বটলেৰে কোবাই কোবাই স্বামীক হত্যা কৰে।
জানিব পৰা মতে, দেওবাৰে ঘটনাৰ পূৰ্বে তেওঁৰ পত্নীৰ লগত বিবাদ হৈছিল। আত্মীয়ক কিছু সম্পত্তি দিয়াক কেন্দ্ৰ কৰিয়েই পত্নীয়ে কাজিয়া কৰিছিল স্বামী ওম প্ৰকাশৰ লগত। যাৰ ফলত পল্লৱীয়ে স্বামীক হত্যা কৰে।
সূত্ৰ অনুসৰি হত্যাকাণ্ডৰ পিছত পল্লৱীয়ে তেওঁৰ এজন বন্ধুক ভিডিঅ’ কল কৰি কয় যে মই দানৱটোক হত্যা কৰিলোঁ।
প্ৰাথমিক তদন্তত ওম প্ৰকাশক কমেও আঠৰ পৰা দহ বাৰ ছুৰীৰে আঘাত কৰা বুলি জানিব পৰা গৈছে। আক্ৰমণৰ তীব্ৰতা ইমানেই বেছি আছিল যে গোটেই ঘৰখনতে তেজ বিয়পি পৰিছিল।
আৰক্ষীয়ে জনোৱা মতে, ওম প্ৰকাশে ভগ্নীৰ নামত মাটি ক্ৰয় কৰিছিল, সেই মাটি পল্লৱীয়ে তেওঁৰ নামত হস্তান্তৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। ইয়াৰ উপৰিও ওম প্ৰকাশে তেওঁলোকৰ পুত্ৰৰ নামত এটা সম্পত্তি পঞ্জীয়ন কৰিছিল, যাৰ ফলত পত্নীৰ সৈতে মতানৈক্যৰ সৃষ্টি হৈছিল।
এই ঘটনাই সমগ্ৰ আৰক্ষী সমাজত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। ঘটনাৰ তদন্ত চলি আছে।