NORTHEAST NOW (Assamese)

ডাবল ইঞ্জিনৰ মহিলাৰ সুৰক্ষাৰ পৰিণামত বন্ধ হৈ গ’ল বিদেশী মহিলাৰ আগমন! দাবী পাটনায়কৰ

May 1, 2026 1:56 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:36 am
ফাইল ফটো।

ডাবল ইঞ্জিন চৰকাৰৰ মহিলা সুৰক্ষাৰ বাবে বিদেশী মহিলা ওড়িশালৈ অহা বন্ধ হৈ পৰিছে। এই অভিযোগ ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ। ২০২৪ চনৰ ১২ জুনত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল মোহন চৰণ মাঝীয়ে। পাটনায়কে অভিযোগ কৰে যে বিজেপিয়ে মহিলাৰ সুৰক্ষাৰ কথা কৈ মানুহক বিপথে পৰিচালিত কৰে, কিন্তু বিজেপিৰ অধীনত ওড়িশাত  ধৰ্ষণ আৰু মহিলাৰ ওপৰত হিংসা বৃদ্ধি পাইছে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “বিদেশৰ বৃহৎ দূতাবাসসমূহে নিজৰ মহিলা নাগৰিকসকলক ওড়িশালৈ নাযাবলৈ সকীয়াই দিছে। এয়া ৰাজ্যখনৰ ভাবমূৰ্তিত এক গুৰুতৰ আঘাত।”

নবীন পাটনায়কৰ এই অভিযোগৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপি শিবিৰে। বিজেপি নেতাসকলে কয় যে নবীন পাটনায়কৰ ২৪ বছৰীয়া শাসনকালত ওড়িশাত মহিলাৰ সুৰক্ষাৰ অৱস্থা এতিয়া প্ৰশ্নবোধক চিহ্ন হৈ পৰিছে।

তেওঁলোকে ক্ষমতা হেৰুওৱাৰ হতাশাৰ বাবে নবীনে মিছা অভিযোগ উত্থাপন কৰিছে বুলি অভিযোগ উত্থাপন কৰে। বিজেপি নেতা তথা ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে কয়, ‘নবীন পাটনায়কৰ কাৰ্যকালত ওড়িশা মহিলাৰ ওপৰত ধৰ্ষণ আৰু নিৰ্যাতনৰ কেন্দ্ৰবিন্দু আছিল।‘

কিন্তু বিৰোধীয়ে প্ৰত্যুত্তৰ দি কয় যে ২০২৪ চনৰ জুন মাহৰ পৰা ২০২৬ চনৰ ৭ মাৰ্চলৈ ১৮ মাহত ৰাজ্যখনত নাৰী নিৰ্যাতনৰ মুঠ ৫৩ হাজাৰৰো অধিক হিংসাৰ গোচৰ ৰুজু হৈছে। কংগ্ৰেছ নেত্ৰী অলকা লাম্বা আৰু ছফিয়া ফিৰডৌছে অভিযোগ কৰিছিল যে বিজেপিৰ শাসনত ওড়িশাত প্ৰতিদিনে গড়ে প্ৰায় ১৫টা ধৰ্ষণ সংঘটিত হৈ আছে আৰু অপৰাধীসকলৰ মাজত আইনৰ প্ৰতি কোনো ভয় নাই।

নবীন পাটনায়কৰ বক্তব্যৰ সত্যতাক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে। বিজেপি নেতাসকলে কয় যে যদি সঁচাকৈয়ে কোনো আন্তঃৰাষ্ট্ৰীয় দূতাবাসে এনে সতৰ্কবাণী জাৰি কৰিছে, তেন্তে নিশ্চিতভাৱে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা উচিত। কিন্তু এতিয়ালৈকে কোনো ডাঙৰ দূতাবাসে এনে কোনো চৰকাৰী সতৰ্কবাণী প্ৰকাশ কৰা নাই।

দীৰ্ঘদিন ধৰি ওড়িশাত মহিলাৰ সুৰক্ষাৰ বিষয়ত চৰ্চা চলি আহিছে। বিজেপি চৰকাৰে দাবী কৰিছে যে আৰক্ষী ব্যৱস্থাক শক্তিশালী কৰা হৈছে আৰু চৰকাৰে ক্ষিপ্ৰ ন্যায় প্ৰদান কৰি মহিলাৰ ওপৰত হোৱা হিংসাৰ বিষয়টো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে।

ৰাজনৈতিক বিশ্লেষকসকলে কয় যে নবীন পাটনায়কৰ এই বক্তব্য আগন্তুক নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হ’ব পাৰে। ৰাজ্যৰ মহিলা ভোটাৰৰ মাজত প্ৰতিষ্ঠান বিৰোধী ঢৌ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে বিজেডিয়ে। আনহাতে, বিজেপিয়ে এই অভিযোগক ‘ৰাজনৈতিক অপপ্ৰচাৰ’ বুলি উৰুৱাই দিছে।

Related News