NORTHEAST NOW (Assamese)

হতাশ প্ৰাক্তন পাকিস্তানী তাৰকা! ভাৰতে বিশ্বকাপত চিটিংবাজী কৰি জিকি থকাৰ অভিযোগ; তদন্তৰ দাবী ICC-ক

November 6, 2023 10:59 am · এন ই নাও নিউজ, গুৱাহাটী

চলিত এদিনীয়া ক্ৰিকেট বিশ্বকাপত অপ্ৰতিৰোধ্য গতিত আগবাঢ়িছে ভাৰত। কোনোমতে টীম ইণ্ডিয়াক ৰখাবই পৰা নাই। বিশ্বৰ সকলো দলেই ভাৰতৰ সন্মুখত  চাপত নতজানু হৈ পৰিছে। দক্ষিণ আফ্ৰিকাও ইডেন গাৰ্ডেনত ভাৰতৰ হাতত মাত্ৰ ৮৩ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয়। দেওবাৰে গ্ৰুপ পৰ্যায়ত ক্ৰমাগত ৮টা জয়ৰে ভাৰতে এক নম্বৰ স্থান দখল কৰে।

অৱশ্যে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ হাছান ৰাজাই ভাৰতৰ এই দুৰ্দান্ত ফৰ্মক লৈ সন্দেহ প্ৰকাশ কৰে। তেওঁ কয়, ভাৰতে ডি আৰ এছত ৰিগিং কৰি জয়ী হৈছে।

৪১ বছৰীয়া পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে পাকিস্তানৰ এটা স্থানীয় নিউজ চেনেলৰ আগত বিস্ফোৰকভাৱে কয়, ‘আজিতো জাদেজাইও ৫টা উইকেট দখল কৰে। এটা ইনিংছত যিটো তেওঁৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ। আমি প্ৰযুক্তিৰ কথা কৈছো য’ত ডি আৰ এছ লোৱা হয়। দক্ষিণ আফ্ৰিকাৰ মূল বেটছমেন ভান ডেৰ ডুচেন। বাওঁহাতৰ স্পিনাৰৰ বল এটা পাক লোৱাৰ পিছত যিকোনো ঠাইলৈ যাব পাৰে। লেগ ষ্টাম্পত বল পিটচ কৰাৰ পিছত বলটো কেনেকৈ মাজৰ ষ্টাম্পত উপনীত হয়? ইমপেক্ট লাইনত আছিল। আৰু বলটো লেগ ষ্টাম্পলৈ গৈ আছিল।”

তেওঁ কয়, “এই  বিষয়ে সকলোৱে নিজৰ মতামত দিছে। মোৰ মতামত অতি স্পষ্ট। এই বিষয়বোৰ চাওঁ আহক। ডি আৰ এছত প্ৰতাৰণা কৰা হৈছে। ৰাজহুৱা হৈ পৰিছে। এইটো প্ৰথম বিতৰ্কিত ডি আৰ এছ নাছিল। আগৰ দুটা-তিনিটা ৰিভিউ চাওকচোন! তাৰ পিছত পাকিস্তানৰ কথা ক’ম। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কিমান ক্লোজ হ’ল মেচ। শেষ উইকেটত পাৰ্টনাৰশ্বিপ গঢ়িল। আৰু তেওঁলোকে ক্ষমাও বিচৰা নাছিল। ঘৰৰ কণ্ডিছনৰ সুবিধা দিয়াৰ বাবে এই কাম কৰা হৈছে।”

ইয়াৰ পূৰ্বেও বিশ্বকাপৰ দুৰ্নীতিকলৈ সৰৱ হৈছিল হাছান ৰাজা। বিতৰ্কৰ উত্তাপ বিয়পাই তেওঁ কয় যে ভাৰতক আইচিচি, বিচিচিআইয়ে সুকীয়া বল দিছে। যাতে ছামী-ছিৰাজে অধিক ছুইং পায়।

পাকিস্তানৰ বিখ্যাত চেনেল এবিএন নিউজত বিশ্বকাপৰ সময়ত এজন বিশেষজ্ঞৰ ভূমিকা পালন কৰিছে হাছান ৰাজাই। তেওঁক ভাৰতৰ পেচ বলিঙৰ ৰহস্য জনাবলৈ কোৱা হৈছিল। তাতে তেওঁ বিতৰ্ক বৃদ্ধি কৰি কয় যে সমগ্ৰ ঘটনাৰ তদন্ত হ’ব লাগে।

তেওঁ কয়, ‘’আমি দেখিবলৈ পাওঁ যে যেতিয়া ভাৰতে বেটিং কৰি আছে তেতিয়া তেওঁলোকে সঁচাকৈয়ে ভাল বেটিং কৰি আছে। কিন্তু ভাৰতে বলিং কৰি থকাৰ সময়ত যেন বলটোৱে কথা কৈছে। ৭-৮ টা DRS কল কৰা হৈছে। সকলো ভাৰতৰ সপক্ষে গৈছে। ছামী-ছিৰাজে যিদৰে বল ছুইং কৰিছে, এনে লাগে যেন আইচিচি-বিচিচিআইয়ে ভাৰতক অন্য বল দিছে। বলটোৰ ওপৰত তদন্তৰ প্ৰয়োজন আছে। বলটোত অতিৰিক্ত কোটিং দিয়া হৈছে নেকি সেয়া চাব লাগে।’’

Related News