NORTHEAST NOW (Assamese)
অসম

গাভাস্কাৰৰ ১০,০০০ ৰান এতিয়াৰ সময়ত ১৬,০০০ ৰানৰ সমান : ইনজামাম-উল-হক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 18, 2020 7:54 am

পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ইনজামাম-উল-হকে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰক প্ৰশংসা কৰিছে।

ভাৰতৰ অন্যতম  শ্ৰেষ্ঠ টেষ্ট অপেনাৰ সুনীল গাভাস্কাৰৰ বেটিং শৈলীৰ প্ৰশংসা কৰি ইনজামাম-উল-হকে কয় যে সুনীল গাভাস্কাৰৰ ১০,০০০ ৰান আধুনিক ক্ৰিকেটৰ ১৫০০০-১৬০০০ ৰানৰ সমান।

”সেই সময়ত ভিভ ৰিচাৰ্ডছ, জাভেদ মিঞাদাদকে ধৰি বহুকেইগৰাকী মহান ক্ৰিকেটাৰ আছিল যদিও কোনো এজন ক্ৰিকেটাৰে এনে ৰেকৰ্ড গঢ়াৰ কথা ভাবিব পৰা নাছিল,” ইনজামাম-উল হকে লগতে কয়।

আনহাতে, বৰ্তমান সময়ত বহুসংখ্যক টেষ্ট ক্ৰিকেট হয় যদিও এতিয়াও খুব কম সংখ্যক ক্ৰিকেটাৰেহে সুনীল গাভাস্কাৰে গঢ়া ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে পাকিস্তানৰ আন এগৰাকী তাৰকা বেগী বলাৰ ছোৱেইব আখতাৰেও ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন টেণ্ডুলকাৰৰ বেটিঙৰ উচ্চ প্ৰশংসা কৰি কয় যে শচীন টেণ্ডুলকাৰে বৰ্তমান সময়ত ক্ৰিকেট খেলিলে ১ লাখ কৰিবলৈ সক্ষম হ’ল হেতেন।