NORTHEAST NOW (Assamese)
Popular Stories

কাৰাগাৰত ধৰ্ষণৰ বলি হৈছিল নেকি ইমৰাণ খান? ভাইৰেল ৰিপৰ্টক লৈ হাহাকাৰ পাকিস্তানত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2025 4:11 pm

আদিয়ালা জেলত শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ বলি হৈছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। এনে অভিযোগ সমগ্ৰ ছচিয়েল মিডিয়াত শুনা গৈছে। একাধিক ছচিয়েল মিডিয়া পেজত প্ৰচাৰিত হৈছে এক মেডিকেল ৰিপৰ্ট। দাবী কৰা হৈছে যে, চলিত বৰ্ষৰ মাৰ্চ মাহত ইমৰাণ খানক অচেতন অৱস্থাত জেলত উদ্ধাৰ কৰা হৈছিল। তেওঁৰ শৰীৰত একাধিক আঘাত আৰু যৌন নিৰ্যাতনৰ স্পষ্ট প্ৰমাণ পোৱা গৈছিল। যদিও প্ৰতিবেদনৰ সত্যতা এতিয়াও নিশ্চিত হোৱা নাই আৰু পাকিস্তান প্ৰশাসন বা সেনায়ো এই সন্দৰ্ভত কোনো বক্তব্য দিয়া নাই।

ভাইৰেল প্ৰতিবেদনত ৰাৱলপিণ্ডিৰ এমিৰেটছ মিলিটাৰী হস্পিতালৰ নাম উল্লেখ কৰা হৈছে। জানিব পৰা মতে, যোৱা ৩ মাৰ্চত ইমৰাণক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ অনা হৈছিল। তথাকথিত প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁৰ শৰীৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, ৰক্তক্ষৰণ, যৌন নিৰ্যাতনৰ লক্ষণ দেখা গৈছে। আৰু কোৱা হৈছে যে এই প্ৰতিবেদন পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। কিন্তু এই নথিখনৰ সত্যতা কোনো নিৰপেক্ষ সংবাদ মাধ্যম বা পাকিস্তান প্ৰশাসনে পৰীক্ষা কৰা নাই।

এই পৰিৱেশ আৰু অধিক ইন্ধন যোগাইছিল দ্য ডন কাকতৰ এটা স্ক্ৰীণশ্বট ভাইৰেল হোৱাটোৱে। ইমৰাণৰ শাৰীৰিক পৰীক্ষাৰ বিতৰ্কিত প্ৰতিবেদনৰ উল্লেখ আছে বুলি দাবী কৰা হৈছে। কিন্তু স্ক্ৰীণশ্বটটো প্ৰকৃততে ডনৰ মূল ৱেবছাইটৰ পৰা লোৱা হৈছে নে নাই সেইটো পৰীক্ষা কৰা সম্ভৱ হোৱা নাছিল।

উল্লেখ্য যে, ২০২৩ চনৰ ৫ আগষ্টত তোছাখানা গোচৰত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ইমৰাণ খান। প্ৰথমে তেওঁক পঞ্জাৱ প্ৰদেশৰ এটক জেলত ৰখা হৈছিল যদিও পাছত নিৰাপত্তাজনিত কাৰণত তেওঁক ৰাৱলপিণ্ডিৰ আদিয়ালা জেললৈ বদলি কৰা হয়। তেতিয়াৰ পৰাই তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলে বাৰে বাৰে কাৰাগাৰত তেওঁৰ ওপৰত মাৰাত্মক আক্ৰমণৰ আশংকা প্ৰকাশ কৰি আহিছে।

ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফে ইতিমধ্যে দাবী কৰিছে যে যদি এনে ঘটনা সঁচা হয়, তেন্তে ই পাকিস্তানৰ ন্যায়পালিকাৰ আৰু মানৱ অধিকাৰৰ পৰিস্থিতিক লৈ ডাঙৰ প্ৰশ্নবোধক উত্থাপন কৰে। অৱশ্যে এতিয়ালৈকে চৰকাৰে কোনো বিবৃতি প্ৰকাশ কৰা নাই। কাৰাগাৰ কৰ্তৃপক্ষইও মুখত তলা লগাইছে।

পাকিস্তানৰ ৰাজনীতিত ইমৰাণ খানৰ প্ৰভাৱ আৰু জনপ্ৰিয়তা এতিয়াও অদম্য। যদিও ইটোৰ পিছত সিটো গোচৰত তেওঁক শাস্তি প্ৰদান কৰা হৈছে, তথাপিও বিৰোধী শিবিৰৰ মতে এইবোৰ ৰাজনৈতিক প্ৰতিশোধৰ ফল। সেয়ে কাৰাগাৰত তেওঁৰ বিৰুদ্ধে এনে নিৰ্যাতনৰ দাবী পোহৰলৈ অহাত বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে।

কিন্তু চৰকাৰৰ পৰা কোনো স্বীকৃতি নোপোৱালৈকে এই ঘটনাৰ সত্যতাক লৈ প্রশ্ন ৰৈ গৈছে৷ কোৱা বাহুল্য যে এই খবৰে পাকিস্তানৰ ৰাজনৈতিক পৰিৱেশত এক নতুন আলোড়নৰ সৃষ্টি কৰিছে।