NORTHEAST NOW (Assamese)
অসম

মগজুৰ সফল অস্ত্ৰোপচাৰ; ভেন্টিলেশ্যনত ভাৰত ৰত্ন প্ৰণব মুখাৰ্জী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 11, 2020 8:16 am
Pranab-Mukherjee

মগজুত জমা হোৱা তেজ উলিওৱাৰ বাবে চলোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ মূৰৰ অস্ত্ৰোপচাৰ সফল হৈছে।

বৰ্তমান ৮৪ বছৰীয়া প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক ভেন্টিলেশ্যনত ৰখা হৈছে।

দেওবাৰে নিশা টয়লেটলৈ যোৱাৰ সময়ত পৰি তেওঁ মূৰত আঘাত পাইছিল। ইয়াৰ পাছত তেওঁৰ সোঁহাতখন দাঙিবলৈ অসুবিধা পোৱা সমস্যাৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি সোমবাৰে সেনাৰ আৰ এণ্ড আৰ হাস্পাতলত তেওঁক ভৰ্তি কৰোৱা হৈছিল।

হাস্পাতলত নিয়মীয়া পৰীক্ষাৰ সময়ত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে। তেওঁ নিজেই সেই খৱৰ টুইট কৰি জানিবলৈ দিছিল।

ইপিনে, বাতৰি অনুসৰি সোমবাৰে তেওঁৰ মূৰৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছে আৰু অস্ত্ৰোপচাৰৰ পাছত তেওঁক ভেন্টিলেশ্যনত ৰখা হৈছে।

হাস্পাতলৰ সূত্ৰই জনাইছে যে পৰৱৰ্তী ৯৬ঘন্টা তেওঁক পৰ্যবেক্ষণত ৰখা হ’ব।

আনহাতে, ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীৰ সৈতে কথা পাতি তেওঁৰ স্বাস্থ্যৰ বুজ লয়।

ৰাষ্ট্ৰপতি কোবিন্দৰ লগতে দেশৰ বিভিন্ন নেতা তথা শুভাকাংখীসকলে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ আশু আৰগ্য কামনা কৰিছে।

ইয়াৰ মাজতে সোমবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসুস্থ প্ৰণব মুখাৰ্জীৰ খৱৰ ল’বলৈ হাস্পাতললৈ যায়।

উল্লেখযোগ্য যে ২০১৯চনত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হয়।