NORTHEAST NOW (Assamese)

ৰিজাৰ্ভ বেংকৰ প্রাক্তন সহকাৰী মহাপ্ৰৱন্ধক শৈলেন্দ্ৰ নাথ দেউৰী ভৰালী আৰু নাই

January 12, 2021 2:26 pm · এন ই নাও নিউজ
Updated: January 12, 2021 4:04 pm

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন সহকাৰী মহাপ্ৰৱন্ধক শৈলেন্দ্ৰ নাথ দেউৰী ভৰালীয়ে যোৱা সোমাবাৰে নিশা প্ৰায় ১০.৩০ বজাত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭০ বছৰ।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ বৰদেউৰী গাঁৱত ১৯৫১ চনৰ ৪ জানুৱাৰীত জন্ম গ্ৰহণ কৰা দেউৰী ভৰালীয়ে গুৱাহাটীৰ হেঙেৰাবাৰীৰ কল্যাণপুৰৰ নিজ বাসভৱনতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।

বৰদেউৰী গাঁৱৰ নাৰায়ণপুৰৰ পৰা দেওতোলালৈ উঠি অহাৰ পিছত দেউৰী ভৰালীয়ে দেওতোলা অঞ্চলত ডাঙৰ দীঘল হয়।

তেখেতে খেৰাজখাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ শ্বিলং কলেজৰ পৰা পিইউ(P.U) সম্পূৰ্ণ কৰে।

শ্বিলঙৰ এন্থনীজ কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক শিক্ষা সাং কৰি দেউৰী ভৰালীয়ে অসম সচিবায়লত চাকৰি জীৱন আৰম্ভ কৰে।

পিছত তেখেতে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত নিযুক্তি লাভ কৰে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত বিভিন্ন দায়িত্বত থাকি কাৰ্য সম্পাদন কৰি তাৰপৰাই দেউৰীয়ে ২০১১ চনত সহকাৰী মহাপ্রৱন্ধক হিচাপে অৱসৰ গ্ৰহণ কৰে।

মৃত্যুৰ সময়ত দেউৰী ভৰালীয়ে পত্নী প্রমাৱতী দেউৰী, পুত্ৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক জয়ন্ত দেউৰী ভৰালী, জী ইণ্ডিয়ান বেংকৰ শাখা প্রৱন্ধক কৃষ্ণা দেউৰী ভৰালী, বোৱাৰী আৰু নাতিসহ চাৰিগৰাকী ভাতৃ-ভগ্নীক ইহ সংসাৰত এৰি থৈ যায়।

অতি অমায়িক দেউৰী ভৰালী তেখেতৰ জীৱন কালত অনেক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল।

মৃত্যৰ সময়লৈকে তেখেত দেউৰী উন্নয়ন সমিতি, গুৱাহাটী আৰু দেউৰী কল্যাণ সমিতিৰ কাৰ্যবাহী সদস্য হিচাবে কাৰ্যনিৰ্বাহ কৰি আছিল।

তেখেতৰ মৃত্যুত দেউৰী জাতীয় মঞ্চ, সাংস্কৃতিক কেন্দ্ৰ, দেউৰী উন্নয়ন সমিতি আৰু দেউৰী কল্যাণ সমিতিয়ে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

মংগলবাৰে সন্ধিয়া মহানগৰীৰৰ নৱগ্ৰহ শ্মশানত দেউৰী ভৰালীৰ শেষকৃত্য সমাপন কৰা হয়। তেখেতৰ শেষকৃত্য সমাপনৰ সময়ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ একাংশ বিষয়া আৰু কৰ্মচাৰীও উপস্থিত থাকে।

Related News