NORTHEAST NOW (Assamese)
অসম

চিলং লাজঙৰ প্ৰাক্তন ফুটবলাৰ কে লালডিংলিয়ানাক ‍সেনা পদকে‍ৰে সন্মানিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2020 7:44 am

দেশৰ হৈ আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে চিলং লাজং এফ চিৰ প্ৰাক্তন ফুটবলাৰ তথা অসম ৰেজিমেণ্টৰ কে লালডিংলিয়ানাক সেনা মেডেল (গেলেণ্ট্ৰি এৱাৰ্ড)ৰে  সন্মানিত কৰা হ’ব।

লালডংলিয়ানাৰ এই সাফল্যৰ বাবে চিলং লাজং এফ চি কৰ্তৃপক্ষই ফেইচবুক পেজৰ জৰিয়তে তেওঁক শুভেচ্ছা প্ৰদান কৰিছে।

‍‘সেনা মেডেলৰ বাবে মনোনীত হোৱা চিলং লাজঙৰ প্ৰাক্তন খেলুৱৈ তথা অসম ৰেজিমেণ্টৰ কে লালডিংলিয়ানাক হিয়াভৰা শুভেচ্ছা’, ফুটবল দলটোৱে নিজৰ ফেইচবুক পেজত এইদৰে লিখে।

উল্লেখ্য যে কে লালডিংলিয়ানাই ২০০৭ৰ পৰা ২০০৮ চনলৈকে চিলং লাজঙৰ হৈ খেলিছিল। তদুপৰি দলটোৰ হৈ ২০০৮ চনত আই লীগৰ চেকেণ্ড ডিভিজনত অংশ লৈছিল।

ইয়াৰ উপৰি লালডিংলিয়ানাই মেঘালয় দলৰ হৈও খেলিছিল।

উল্লেখ্য যে মিজোৰামত জন্মগ্ৰহণ কৰা লালডিংলিয়ানাই বৰ্তমান অসম ৰেজিমেণ্টৰ ৪২ নং বেটেলিয়ন ৰাষ্ট্ৰীয় ৰাইফলছত কৰ্মৰত হৈ আছে।

স্মৰ্তব্য যে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ আগমুহূৰ্তত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গেলেণ্ট্ৰি এৱাৰ্ডত অনুমোদন জনায়।