NORTHEAST NOW (Assamese)
অসম

দুৰ্নীতিৰ গোচৰত কাৰাবাস হোৱা দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লী মিয়াঙক ৰাষ্ট্ৰপতিৰ ক্ষমা দান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 27, 2022 5:46 pm

দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লী মিয়াং-বাকক ক্ষমা কৰা হৈছে। ৰাষ্ট্ৰপতিৰ ক্ষমাদানৰ ভিত্তিত তেওঁক দুৰ্নীতিৰ গোচৰত ৰেহাই দিয়া হৈছে।  

দুৰ্নীতিৰ গোচৰত তেওঁৰ ১৭ বছৰৰ শাস্তি প্ৰত্যাহাৰ কৰা হৈছে বুলি দেশৰ আইন আৰু ন্যায় মন্ত্ৰীয়ে জানিবলৈ দিছে।

দুৰ্নীতিৰ গোচৰত প্ৰাক্তন ৰাষ্ট্ৰপতি লীৰ উপৰিও আন ১,৩০০ ৰো অধিক লোকে ৰাষ্ট্ৰপতিৰ এই ক্ষমাদান লাভ কৰিছে।

৮১ বছৰীয়া লীক তেওঁৰ বয়সৰ ভিত্তিত চলিত বছৰৰ জুন মাহত কাৰাগাৰৰ পৰা মুকলি কৰা হৈছিল।

তেওঁ উৎকোচ আৰু ধন ৰপ্তানিৰ গোচৰত ১৭ বছৰৰ কাৰাবাস খাটি আছিল। সেয়েহে, তেওঁক ২০৩৬ চনত কাৰাগাৰৰ পৰা মুকলি কৰাৰ কথা আছিল। তেতিয়া তেওঁৰ বয়স হ’বগৈ ৯৫ বছৰ।

২০১৮ চনত ৰাষ্ট্ৰপতি লীৰ বিৰুদ্ধে অনা ১৬ টা অভিযোগত তেওঁক দোষী সাৱ্যস্ত কৰা হৈছিল। ২০২০ চনত আদালতে তেওঁক কাৰাদণ্ডৰ শাস্তি দিছিল।