NORTHEAST NOW (Assamese)
অসম

জেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বুটা সিঙৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 2, 2021 11:53 am

জেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বুটা সিঙৰ শনিবাৰে ৮৬ বছৰ বয়সত দেহাৱসান ঘটে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

‘‘বুটা সিং জি এগৰাকী অভিজ্ঞ প্ৰশাসক আছিল লগতে দুখীয়াৰ কল্যাণৰ বাবে এক শক্তিশালী কণ্ঠ আছিল। তেওঁৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছো। পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো,’’ প্ৰধান মন্ত্ৰী মোদীয়ে টুইটাৰত এইদৰে উল্লেখ কৰে।

প্ৰধান মন্ত্ৰীৰ উপৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ো বুটা সিঙৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰে।

‘‘চৰদাৰ বুটা সিং জিৰ বিয়োগত দেশে এগৰাকী প্ৰকৃত জনসেৱক আৰু নিষ্ঠাবান নেতা হেৰুৱালে। তেওঁ গোটেই জীৱন নিজৰ দেশ আৰু জনতাৰ ভালৰ বাবে অৰ্পন কৰিলে, তেওঁক চিৰদিন মনত ৰখা হ’ব,’’ ৰাহুল গান্ধীয়ে এইদৰে টুইট কৰে।

বুটা সিঙে প্ৰথমবাৰৰ বাবে আকালি দলৰ পৰা নিৰ্বাচন খেলিছিল আৰু পৰৱৰ্তী সময়ত ১৯৬০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।

ৰাজস্থানৰ সাধনা সমষ্টিৰ পৰা বুটা সিং প্ৰথমবাৰৰ বাবে ১৯৬২ চনত লোকসভালৈ নিৰ্বাচিত হৈছিল।

বুটা সিঙে পৰৱৰ্তী সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰী হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰিছিল।