NORTHEAST NOW (Assamese)
Popular Stories

অৱশেষত আত্ম সমৰ্পণ ড’নাল্ড ট্ৰাম্পৰ : পৰ্ণ তাৰকাৰ মুখ বন্ধ কৰিবলৈ দিছিল মোটা অংকৰ ধন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 5, 2023 10:58 am

২০১৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত প্ৰাক্তন পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক বৃহৎ পৰিমাণৰ ধন দিছিল ডনাল্ড ট্ৰাম্পে। ষ্টৰ্মি ডেনিয়েলছে দাবী কৰে যে ২০১৬ ট্ৰাম্পৰ সৈতে যৌন সম্পৰ্ক গঢ়ি উঠিছিল তেওঁৰ।

সেই বছৰৰ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হৈছিল। ইয়াৰ পূৰ্বে ট্ৰাম্পৰ অধিবক্তা মাইকেল কোহেনে ট্ৰাম্পৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ মৌন হৈ থাকিবলৈ ডেনিয়েলছক প্ৰদান কৰিছিল ১ লাখ ৩০ ডলাৰ

২০১৮ চনত এই ধনৰ লেনদেনৰ কথা পোহৰলৈ আহেডেনিয়েলে সেই সময়ত ট্ৰাম্পৰ সৈতে হোৱা গোপন চুক্তি বাতিল কৰিবলৈ আদালতত আবেদন জনায়। ইয়াৰ পিছতেই ট্ৰাম্পৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ পুঁজি আইন উলংঘাৰ বাবে গোচৰ তৰা হয়। তেতিয়াৰ পৰাই আদালতত ট্ৰাম্পৰ বিৰুদ্ধে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিল।

এই গোচৰৰ পৰিপ্ৰেক্ষিততে অৱশেষত ট্ৰাম্পে মঙলবাৰে মানহাটানৰ এখন আদালতত নিজকে আৰক্ষীৰ হাতত গতাই দিয়ে।

উল্লেখ্য যে ট্ৰাম্প হৈ অপৰাধমূলক গোচৰৰ সন্মুখীন হোৱা আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি।