NORTHEAST NOW (Assamese)
অৰুণাচল

বি এছ এফৰ ফাণ্ডত পৰিল চোৰাং গো-মাংসৰ সৈতে চাৰিজন বাংলাদেশী

Posted by: এন ই নাও নিউজ February 23, 2019 9:13 am

ভাৰতীয় সীমা সুৰক্ষা বাহিনীয়ে চাৰিজন বাংলাদেশী আৰু এজন ভাৰতীয় লোকক গাড়ীৰে সৈতে অবৈধ ভাবে গো-মাংসৰ বেহা চলোৱাৰ অপৰাধত মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ পৰা আটক কৰে।

মাংসৰ উপৰিও লোক কেইজনে ৬০২৫ বাংলাদেশী টকা লগত লৈ আহিছিল। বাংলাদেশী নাগৰিক কেইজনে বি এছ এফৰ আগত ভাৰতীয় চোৰাং পশু সৰবৰাহকাৰীক সাক্ষাৎ কৰাৰ বাবে অহা বুলি বৃহস্পতিবাৰে স্বীকাৰ কৰে।

আটকহোৱা বাংলাদেশী নাগৰিক কেইজন নূৰ ইছলাম, আব্দুল কালাম, ছোৱেল আহমেদ আৰু কমল মিঞা বুলি চিনাক্ত কৰা হৈছে। অপৰাধী কেইজনৰ ভাষ্যমতে যিবিলাক গৰু আহত হয়, খোজ কাঢ়িব নোৱাৰা হয় সেইবোৰ মাংস হিচাপে গাড়ীত বাংলাদেশলৈ চালান দিয়া হয়।

উল্লেখযোগ্য যে, বাংলাদেশলৈ পশু চোৰাং ভাবে পশু চালান দিয়া ব্যৱসায়টো এটা বৃহ্ৎ চক্ৰই নিয়ন্ত্ৰণ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ভালেসংখ্যক চোৰাং ব্যাৱসায়ী ইয়াৰ লগত জড়িত হৈ আছে। ভাৰতীয় সীমা শুল্ক অধিকাৰীয়ে জনোৱা অনুসৰি প্ৰতিবছৰে ভাৰতৰ পৰা বাংলাদেশলৈ চোৰাং পশু চালানৰ নামত ১০০০ কৌটি টকাৰ ব্যাৱসায় হয়। বাংলাদেশত চাহিদা অনুসৰি পশুৰ বংশবৃদ্ধি নোহোৱাৰ বাবে ভাৰতৰ পৰা দেশখনলৈ চোৰাংভাবে পশু  সৰবৰাহ হৈ আহিছে।