NORTHEAST NOW (Assamese)
অসম

অসমত আৰু চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ৯৮লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2020 9:13 pm
Covid death toll in Assam reaches 930

আৰু চাৰিগৰাকী ক’ভিড-১৯ ৰোগীয়ে অসমত শুকুৰবাৰে প্ৰাণ হেৰুৱাইছে।

মৃত্যু হোৱা লোককেইগৰাকী হৈছে— হোজাইৰ মাণিক সাহা (৬৮), কামৰূপ মহানগৰৰ মিনু বণিক (৩০), যোৰহাটৰ গোপাল দাস (৬৮) আৰু ডিব্ৰুগড়ৰ বিজয় সৰকাৰ (৫৯)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

এইসকলক ব্যক্তিক ধৰি অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮গৰাকীলৈ বৃদ্ধি পাইছে।

বৃহস্পতিবাৰৰ দিনটোত অসমত দুগৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল আৰু মুঠ মৃতকৰ সংখ্যা ৯৪লৈ বৃদ্ধি পাইছিল।

ইফালে ১২৪৮গৰাকী ব্যক্তিয়ে অসমত বৃহস্পতিবাৰে ক’ভিডৰ আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছিল।

এইসকলক ধৰি অসমত বৃহস্পতিবাৰলৈকে মুঠ ২৯,০৮০গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত বৃহস্পতিবাৰলৈকে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৯২৩০গৰাকী।

আনহাতে অসমত শেহতীয়াকৈ ক’ভিড টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হ্ৰাস পাইছে।

বৃহস্পতিবাৰলৈকে ২৪ ঘণ্টাত অসমত ৪১,০২৮টা ক’ভিড টেষ্ট সম্পন্ন হৈছিল, চিনাক্ত হৈছিল ২১১২গৰাকী আক্ৰান্ত। পজিটিভৰ হাৰ আছিল ৫.১৪শতাংশ।

অসমত বৃহস্পতিবাৰলৈকে ৩৮,৪০৭গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী ব্যক্তি আন ঠাইলৈ স্থানান্তৰিত হৈছে।